আজিৰে পৰা আৰম্ভ ৫২ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা মহোৎসৱ

হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস হয় যে শিৱ তেওঁলোকৰ পিতৃদেৱ। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-27 at 12.21.19 PM

ডিজিটেল ডেস্কঃ আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়ো আৰু কছাৰীসকলৰ পবিত্ৰ উৎসৱ হৈছে এই বাথৌ পূজা। সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস হয় যে শিৱ তেওঁলোকৰ পিতৃদেৱ। 

WhatsApp Image 2026-01-27 at 12.16.23 PM

বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত ১০ দিনীয়াকৈ আয়োজন কৰা হৈছে ৫২ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা আৰু মেলা। আজি প্ৰথম দিনা আৰজ বন্দনাৰে মুখৰিত হৈছে মেলাস্থলী। ১২ খন গাঁৱৰ মুখিয়ালে মেলাস্থলীত উত্তোলন কৰিছে নিজ গাঁৱৰ ৰাজহুৱা পতাকা। সমান্তৰালভাৱে মুখ্যদ্বাৰ উদঘাটন, বাণিজ্য মেলাৰ দ্বাৰ মুকলি, মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়। ইপিনে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱেৰে আয়োজন কৰা পূজা আৰু মেলাত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

WhatsApp Image 2026-01-27 at 12.16.22 PM

বাথৌ পূজা