/asomiyapratidin/media/media_files/2025/10/16/ujjjdd-2025-10-16-10-18-45.jpg)
ডিজিটেল ডেস্কঃ বৰ্তমান কেনে আছে বাক্সাৰ পৰিস্থিতি। ১৫অক্টোবৰত বাক্সাৰ কাৰাগাৰলৈ শ্যামকানু, সিদ্ধাৰ্থহঁতক লৈ যোৱাৰ পাছতে সৃষ্টি হৈছিল ভয়ানক পৰিস্থিতিৰ। উগ্ৰ জনতাই আক্ৰমণ কৰিছিল আৰক্ষীক। জ্বলাই দিছিল সংবাদমাধ্যমৰ লগতে আৰক্ষীৰ বাহন। ইয়াৰ পিছতে সমগ্ৰ জিলাখনত ইন্টাৰনেট কৰ্তনৰ লগতে জাৰি কৰা হৈছিল বি এন এছৰ অধীনত সান্ধ্য আইন।
বাক্সাত বৰ্তমান ৰেপিড একচন ফৰ্চে কটকটীয়া নিৰাপত্তা অব্যাহত ৰাখিছে। পৰিস্থিতি বুজ লবলৈ উপস্থিত আছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙো। জিলা কাৰাগাৰৰ ৫০০মিটাৰ ব্যাসাৰ্ধত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। ইফালে কাৰাগাৰলৈ যোৱা মূল পথটোও ১৬অক্টোবৰ, ২০২৫ৰ পুৱাৰে পৰা জৰুৰীকালীন সেৱাৰ বাহিৰে বাকীবোৰৰ বাবে বন্ধ কৰি দিছে প্ৰশাসনে।
বৰ্তমানেও সমগ্ৰ জিলাখনত চেপা উত্তেজনাই বিৰাজ কৰি আছে। প্ৰশাসনে সদৰি কৰিছে যে, ১৫অক্টোবৰৰ ঘটনাত প্ৰায় ৩৫গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। জিলা কাৰাগাৰৰত প্ৰৱেশ দ্বাৰত কেইবাতৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে নিশাৰে পৰা।
সেয়া যি কি নহলেও, ১৫অক্টোবৰতকৈ বৰ্তমান বাক্সাৰ পৰিস্থিতি বহুখিনি উন্নত হৈছে। বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বাক্সাৰ পৰিস্থিতি। ৰাস্তা-ঘাটলৈ ওলাই অহা মানুহৰ উপস্থিতি খুবেই সেৰেঙা। বন্ধ কৰি ৰখা হৈছে দোকান-পোহাৰৰ লগতে অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান।