গুৱাহাটীৰ এইমছত সফলভাৱে সম্পন্ন অস্ত্ৰোপচাৰ! গুলীৱিদ্ধ দুই যুৱকৰ পৰিয়ালে জনালে এই কথা...

বাক্সাৰ হিংসাত্মক পৰিস্থিতিত আৰক্ষীয়ে চলোৱা গুলীত গুলীৱিদ্ধ হৈছিল দুগৰাকী যুৱক। ইয়াৰে এগৰাকী যুৱক মৃত্যু হোৱা বুলি একাংশ সংবাদমাধ্যমত খবৰ প্ৰকাশিত হৈছিল যদিও এই খবৰ মিছা। গুলীৱিদ্ধ দুয়োগৰাকী যুৱকৰে

author-image
Asomiya Pratidin
New Update
782ad362-4f9c-4a9c-a5d2-34dfb28057c6

ডিজিটেল ডেস্কঃ বাক্সাৰ হিংসাত্মক পৰিস্থিতিত আৰক্ষীয়ে চলোৱা গুলীত গুলীৱিদ্ধ হৈছিল দুগৰাকী যুৱক। ইয়াৰে এগৰাকী যুৱক মৃত্যু হোৱা বুলি একাংশ সংবাদমাধ্যমত খবৰ প্ৰকাশিত হৈছিল যদিও এই খবৰ মিছা। গুলীৱিদ্ধ দুয়োগৰাকী যুৱকৰে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। এই অস্ত্ৰোপচাৰ সফলফালে সম্পন্ন হোৱাৰ কথা সংবাদ মাধ্যমক সদৰি কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ কৰা প্ৰয়োজন যে, বাক্সাৰ প্ৰতিবাদত গুলীবিদ্ধ হৈছিল দীপক মেধি, বিদ্যুৎ কলিতা। ইয়াৰে দীপক মেধিৰ পিঠিত লাগিছিল গুলী। সামাজিক মাধ্যমত ইয়াৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে একাংশই তেওঁৰ মৃত্যু হোৱা বুলি অপ্ৰচাৰত লিপ্ত হৈছিল। গুৱাহাটীৰ এইমছত দুয়োগৰাকীৰে সফলভাৱে গুলী দেহৰ পৰা উলিওৱা হৈছে। 

আনফালে বাক্সাৰ ভিন্ন চিকিতসালয়ত ভৰ্তি হৈ আছে এই ঘটনাত আহত বহুকেইগৰাকী লোক। ইয়াৰ ভিতৰত আছে আৰক্ষী, সাংবাদিকৰ লগতে সাধাৰণ জনতা। পৰিস্থিতি আৰু অধিক অৱনতি হোৱাৰ শংকা প্ৰকাশ কৰিয়েই সমগ্ৰ বাক্সা জিলাত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। 

জুবিন গাৰ্গ