/asomiyapratidin/media/media_files/2025/10/21/ujjjd-2025-10-21-12-44-30.jpg)
ডিজিটেল ডেস্কঃ যোৱা বুধবাৰে বাক্সাৰ নিকাছিস্থিত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল সিদ্ধাৰ্থ, শ্যামকানুৰ লগতে জুবিন মৃত্যুকাণ্ডৰ ৫ অভিযুক্তক। উক্ত দিনটোত বাক্সাৰ কাৰাগাৰৰ সন্মুখত সৃষ্টি হোৱা হিংসাত্মক পৰিৱেশত গুলীৱিদ্ধ হৈছিল দুগৰাকী। ইয়াৰে এজন আছিল কিশোৰ। ২১অক্টোবৰ, ২০২৫ত মুখ্যমন্ত্ৰীয়ে গুলীবিদ্ধ দুয়োগৰাকীৰ পৰিয়ালক ২লাখকৈ চেক প্ৰদান কৰে।
মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে সংবাদমাধ্যমৰ আগত কেতবোৰ মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, সাংবাদিকৰ জৰিয়তে ভুল খবৰ পাই একাংশই এনে পৰিস্থিতিৰ সৃষ্টি কৰিলে। মই পদত্যাগ কৰিলে আধা প্ৰতিবাদ কমি যাব। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিলে সম্পূৰ্ণ প্ৰতিবাদ কমি যাব। শ্যামকানু-সিদ্ধাৰ্থৰ খবৰ প্ৰচাৰৰ ক্ষেত্ৰত ভুল হ’ল সংবাদ মাধ্যমৰ। জুবিনক আমি ন্যায় দিমেই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, শ্যামকানু আৰু সিদ্ধাৰ্থই জেলত কোনো ৰাজ আতিথ্য পোৱা নাই। মহৰ কামোৰ খাই মাটিত শুই থাকিবলগীয়া হৈছে শ্যামকানু-সিদ্ধাৰ্থই। এযোৰ কাপোৰেই আজিলৈকে পিন্ধি আছে অভিযুক্তসকলে। তেনে ক্ষেত্ৰত বাহিৰত যিকোনো প্ৰচাৰ চলাই একো লাভ নাই। কোনোবাই নিজস্ব স্বাৰ্থসিদ্ধিৰ বাবে এনে কিছুমান কাম কৰি আছে বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।