/asomiyapratidin/media/media_files/2025/10/16/ujjjd-2025-10-16-00-30-01.jpg)
ডিজিটেল ডেস্কঃ বাক্সাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষীয়ে চলোৱা গুলীচালনাত দুগৰাকী গুলীৱিদ্ধ হৈছিল। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, গুলীৱিদ্ধ হোৱা দুগৰাকীৰ ভিতৰত এগৰাকী হৈছে নাবালক। সেই ল'ৰাটোৰ নাম হৈছে বিদ্যুৎ কলিতা।
উল্লেখ্য যে, বিদ্যুতৰ ভৰিত লাগিছিল গুলী। বাক্সাৰ ২নং সোৱণশিৰিত ঘৰ বিদ্যুতৰ। কি পৰিস্থিতিত এই নাবালক লৰাটোৰ ভৰিত গুলী লাগিল সেয়াও এতিয়া অবুজ সাথৰ। আনফালে আন এগৰাকী গুলীৱিদ্ধ যুৱক দীপক মেধি সম্প্ৰতি চাংসাৰি এইমচত চিকিৎসাধীন।
দুয়োগৰাকী বৰ্তমান সংকটমুক্ত বুলি প্ৰকাশ কৰিছে প্ৰশাসনে। ইফালে আৰক্ষীৰ এনে কাণ্ডক লৈ সকলো বিষয়াৰ ওপৰতে তদন্ত হব বুলি ঘোষণা কৰিছে অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই।