/asomiyapratidin/media/media_files/2026/02/19/1-2026-02-19-20-04-01.jpg)
ডিজিটেল ডেস্কঃ শিশু সুৰক্ষাৰ প্ৰসাৰ আৰু ‘বাল্য বিবাহ মুক্ত ভাৰত’গঢ়াৰ লক্ষ্যৰে বাক্সা জিলাত “সুৰক্ষিত শৈশৱ সোনালী অসম” আঁচনিৰ অধীনত এখন ৯০ দিনীয়া সজাগতা বাহন অভিযানৰ শুভাৰম্ভ কৰে। বাক্সা জিলা শিশু সুৰক্ষা গোট আৰু স্বেচ্ছাসেৱী সংস্থা ‘এচিআৰডি’ৰ যুটীয়া উদ্যোগত এই অভিযানৰ আয়োজন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে শিশুৰ অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা, বাল্য বিবাহ প্ৰতিৰোধ কৰা আৰু প্ৰতিটো শিশুৰ বাবে এক সুৰক্ষিত তথা আনন্দময় শৈশৱ নিশ্চিত কৰা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/19/whatsapp-im-2026-02-19-20-03-28.jpeg)
বাক্সা জিলা সদৰত বিটিচিৰ কাৰ্যবাহী সদস্য আগষ্টুছ টিগগাই এই সজাগতা বাহনখনৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে- শিশুসকলক সুৰক্ষা দিবলৈ আৰু বাল্য বিবাহ ৰোধ কৰিবলৈ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে একেলগে কাম কৰিব লাগিব। তেওঁ লগতে বিদ্যালয়সমূহত সজাগতা কাৰ্যসূচী ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে শিক্ষাৰ্থীসকলে বাল্য বিবাহৰ ক্ষতিকাৰক প্ৰভাৱ আৰু ইয়াৰ সৈতে জড়িত আইনী দিশসমূহ বুজি উঠি অধিক সচেতন আৰু দায়িত্বশীল হ'ব পাৰে। উক্ত অনুষ্ঠানত জিলা শিশু সুৰক্ষা গোটৰ বিষয়াসকল, এচিআৰডি এনজিঅ'ৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/19/whatsapp-i-2026-02-19-20-03-43.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us