/asomiyapratidin/media/media_files/2026/02/06/jhhf-sm-bhgu-2026-02-06-19-33-18.jpg)
ডিজিটেল সংবাদ,মুছলপুৰঃ নীতি আয়োগৰ 'আকাংক্ষী জিলা কাৰ্যসূচী'ৰ অধীনত বাক্সা জিলাৰ কমিউনিটী হলত ‘সম্পূৰ্ণতা অভিযান ২.০’ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। বাক্সা জিলাই গুৰুত্বপূৰ্ণ প্ৰদৰ্শন সূচকসমূহ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে এই নৱীকৃত অভিযানত পুনৰবাৰ অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আৰম্ভণিতে অতিৰিক্ত জিলা আয়ুক্ত মুস্তাফা চেলিম আহমেদে আদৰণি ভাষণ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/whatsapp-imag-2026-02-06-19-27-29.jpeg)
তেওঁ যোৱা দুবছৰত আকাংক্ষী জিলা কাৰ্যসূচীৰ অধীনত জিলাখনৰ উন্নয়নমূলক যাত্ৰাৰ বিষয়ে আলোকপাত কৰে। যোৱা বছৰৰ অভিযানৰ ইতিবাচক ফলাফলসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে- বাক্সা জিলাই বিভিন্ন বিভাগীয় পেৰামিটাৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। নিৰ্ধাৰিত সূচকসমূহৰ ১০০ শতাংশ লক্ষ্যত উপনীত হ’বলৈ তেওঁ সকলো বিভাগৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আঁচনিখনৰ সুবিধাসমূহ যাতে তৃণমূল পৰ্যায়লৈ ফলপ্ৰসূভাৱে প্ৰসাৰিত হয়, তাৰ বাবে তেওঁ সকলো সংশ্লিষ্ট বিভাগক সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/whatsapp-image-2-2026-02-06-19-27-53.jpeg)
অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত গৌতম দাসে ‘সম্পূৰ্ণতা অভিযান ২.০’ সফল ৰূপায়ণত প্ৰতিটো বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ জিলাখনৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ এক নিষ্ঠাবান মিছন-মোডত কাম কৰিবলৈ সকলোকে আহ্বান জনায়। বিটিচি সচিব মানস দাসেও এই সভাত তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে। সম্পূৰ্ণতা অভিযান ২.০’ৰ প্ৰধান লক্ষ্যসমূহ হৈছে আই.চি.ডি.এছ ৰ অধীনত ৬ মাহৰ পৰা ৬ বছৰ বয়সৰ শিশুসকলৰ বাবে নিয়মীয়া পৰিপূৰক পুষ্টি নিশ্চিত কৰা, অংগনবাড়ী কেন্দ্ৰত নামভৰ্তি কৰা শিশুৰ সঠিক জোখ-মাখ লোৱা আৰু সকলো কেন্দ্ৰত শৌচালয় তথা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা। বিদ্যালয়সূহত ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত শৌচালয়ৰ ব্যৱস্থা নিশ্চিত কৰাত অগ্ৰাধিকাৰ।লগতে কৃষি আৰু আনুষংগিক খণ্ডত, পশুৰ ভৰি আৰু মুখৰ ৰোগৰ বিৰুদ্ধে ১০০ শতাংশ টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এই অভিযানত, যিটো অহা আঢ়ৈ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।উক্ত কাৰ্যসূচীত এম.চি.এল.এ. দিগন্ত গয়াৰী, প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰীৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী আৰু চৰকাৰী বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us