/asomiyapratidin/media/media_files/2026/02/03/1-2026-02-03-16-58-40.jpg)
ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত বৰমা চহৰৰ আন্তঃগাঁথনি আৰু যাতায়াত ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ বাক্সা জিলাৰ জিলা আয়ুক্ত গৌতম দাসে যোৱা ২ ফেব্ৰুৱাৰীত বৰমাত উপস্থিত হৈ বৰমাৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি ৰাস্তাঘাটৰ অৱস্থা,যান-বাহন, ফুট ব্ৰীজৰ সমস্যা আদিৰ পৰ্যালোচনা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/whatsapp-image-20-2026-02-03-16-59-06.jpeg)
এই কাৰ্যসূচীত আয়ুক্তগৰাকীৰ পৰিদৰ্শনকালত সংগ দিয়ে বৰমা পৌৰসভাৰ পৌৰপতি ৰজনী বৰজৌৱাৰী, উপ-পৌৰপতি হেমন্ত কুমাৰ দত্ত, ৱাৰ্ড কমিচনাৰ ধৰণী বড়ো, ইদুল দাস, শেৱালী ৰামছিয়াৰি, সুনীতা বড়ো আৰু অমিত পাঠকে।ইপিনে বাক্সা জিলা সহকাৰী আয়ুক্ত অমৃতা দত্ত, সহকাৰী আয়ুক্ত নিৰ্মান নাথ,জিলা পৰিবহন বিষয়া মুজ্জামিল হুছেইন, ডি এচ পি মেৰিলিন জাওলছামগমাৱি,বৰমা ৰাজহ চক্ৰ বিষয়া বিকাশ চেত্ৰী, কাৰ্যবাহী অভিযন্তা পুলক দাস উপস্থিত থাকে। উল্লেখ্য যে, এই পৰিদৰ্শনে জিলা প্ৰশাসন আৰু বৰমা পৌৰসভাৰ পথ সঞ্চালন উন্নতি, পথ সঞ্চালন আৰু জনসাধাৰণৰ সমস্যাৰ সমাধানৰ আশাৰ সঞ্চাৰ কৰিছ ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/whatsapp-image-2-2026-02-03-17-00-26.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us