বাক্সাৰ একলব্য আদৰ্শ আবাসীক বিদ্যালয়ত আৰম্ভ হ'ব নামভৰ্তিৰ বাচনি পৰীক্ষা

একলব্য আদৰ্শ আবাসীক বিদ্যালয়ত নামভৰ্তিৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ আবাস গৃহত থাকি সম্পূৰ্ণ চৰকাৰী খৰছত খোৱা লোৱাৰ সুযোগ প্ৰদান কৰিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  বাক্সাৰ দাওধাৰাস্থিত একলব্য আদৰ্শ আবাসীক বিদ্যালয়ত ২০২৬-২৭ বৰ্ষৰ বাবে অনুষ্ঠিত হ'ব নামভৰ্তিৰ বাচনি পৰীক্ষা।বাক্সাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মঃ জেহেৰুল ইছলামে সদৰি কৰে এই কথা। আগন্তুক শিক্ষা বৰ্ষৰ বাবে ষষ্ঠ শ্ৰেণীত ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে অষ্টম শ্ৰেণীৰ বাবেও ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সুযোগ দিয়া হ'ব। 

যোৱা ৩১ জানুৱাৰীৰ পৰা নাম ভৰ্তিৰ আবেদন পূৰ্ণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ফেব্ৰুৱাৰীত আবেদন পূৰ্ণৰ সময়সীমাৰ সামৰণি পৰিব। লগতে ১৭ ফেব্ৰুৱাৰীত প্ৰৱেশ পত্ৰৰ কামৰ লগতে ২২ ফেব্ৰুৱাৰীত বাচনি পৰীক্ষা অনুষ্ঠিত হ'ব। ইপিনে একলব্য আদৰ্শ আবাসীক বিদ্যালয়ত নামভৰ্তিৰ পাছত ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ আবাস গৃহত থাকি সম্পূৰ্ণ চৰকাৰী খৰছত খোৱা লোৱাৰ সুযোগ প্ৰদান কৰিব। বিদ্যালয়ত মুঠ ছাত্ৰ-ছাত্ৰীৰ আসন আছে ৪৮০ যদিও যোৱা বৰ্ষৰ পৰাহে বিদ্যালয় মুকলি কৰা হৈছিল।

বাক্সা