বৰমাত বাক্সা জিলা বড়ো সাহিত্য সভাৰ নতুন সমিতিক কাৰ্যভাৰ প্ৰদান

বাক্সা জিলাৰ বৰমাৰ বৰমা ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত বাক্সা জিলা বড়ো সাহিত্য সভাৰ নতুন সমিতিক দায়িত্ব প্ৰদান কৰা হয় ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ বৰমাৰ বৰমা ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত বাক্সা জিলা বড়ো সাহিত্য সভাৰ নতুন সমিতিক দায়িত্ব প্ৰদান কৰা হয়। বাক্সা জিলাৰ মুছলপুৰ সদৰৰ অন্তৰ্গত ১৭ খন বড়ো সাহিত্য সভাৰ প্ৰাথমিক সমিতিৰ সভাপতি-সম্পাদক সকলে উপস্থিত থকা এই সভা সঞ্চালনা কৰে বাক্সা জিলা বড়ো সাহিত্য সভাৰ উপদেষ্টা হিতেন বসুমতাৰীয়ে। এই সভাত বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভূপেন বড়োই উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

WhatsApp Image 2026-02-01 at 6.58.57 PM

উল্লেখ্য যে, ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখত বাক্সা জিলাৰ নিকাচিৰ মাইনাউ পথাৰত বাগসা জিলা জিলা বড়ো সাহিত্য সভাৰ সভাপতি বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীৰ সঞ্চালনাl অনুষ্ঠিত বাক্সা জিলা বড়ো সাহিত্য সভাৰ ২০তম্ অধিৱেশনৰ প্ৰতিনিধি সভাত খৰ্গেশ্বৰ বড়োক সভাপতি, জেব্ৰা খুংগুৰ উজিৰ আৰু হেমেন দেউৰীক উপ-সভাপতি, দুলাল স্বৰ্গীয়াৰীক সম্পাদক, ফুকন দৈমাৰী আৰু ধীৰেন বড়োক সহকাৰী সম্পাদক, অৰুণ বড়োক কোষাধ্যক্ষ আৰু বিনোদ স্বৰ্গীয়াৰীক কেন্দ্ৰীয় সদস্য হিচাপে নিৰ্বাচিত কৰিছিল। ইপিনে সভাত বাক্সা জিলাৰ বিভিন্ন ঠাইত মেলা-পূজাৰ নামত জুৱা-মদৰ মুকলি চলাই থকা কাৰ্যক দুখ প্ৰকাশ কৰে ।

বাক্সা