অসমৰ আকাশত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকা

ইয়াৰ পাছত মাঘ মেলাৰ পতাকা উত্তোলন কৰে মেলা সমিতিৰ সভাপতি এপ'লো ৰামছিয়াৰীয়ে। ইপিনে ভাৰত-ভূটান দুয়োখন দেশৰ পতাকা উত্তোলন কৰে ক্ৰমে বাক্সা জিলা আয়ুক্ত গৌতম দাস আৰু ভূটানৰ চানদ্ৰুপ জংখৰৰ মেয়ৰ দছি থ্ৰমপনে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  শুকুৰবাৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱণখাটা মাঘ মেলা। পুৱা মেলাৰ মুখ্যদ্বাৰ মুকলি কৰে বাগানপাৰা পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰেখাৰাণী দাস বড়োৱে। 

ইয়াৰ পাছত মাঘ মেলাৰ পতাকা উত্তোলন কৰে মেলা সমিতিৰ সভাপতি এপ'লো ৰামছিয়াৰীয়ে। ইপিনে ভাৰত-ভূটান দুয়োখন দেশৰ পতাকা উত্তোলন কৰে ক্ৰমে বাক্সা জিলা আয়ুক্ত গৌতম দাস আৰু ভূটানৰ চানদ্ৰুপ জংখৰৰ মেয়ৰ দছি থ্ৰমপনে। ইয়াৰ পাছত শান্তিৰ পাৰ চৰাই উৰুওৱা পৰিলক্ষিত হয়। লগতে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ দ্বাৰা নৃত্য গীত পৰিৱেশন কৰা হয়। 

উল্লেখ্য যে,ইতিমধ্যে মেলাত দুয়োখন দেশৰ বিপনীৰে মেলাস্থলী ভৰি পৰিছে। ৯ দিনীয়া কাৰ্যসূচীত ৰাইজৰ সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে। ইপিনে নিৰাপত্তাৰ দিশত গুৰুত্ব দিব বুলি মন্তব্য বাক্সা জিলা প্ৰশাসনৰ। ভূটানী সকলেও এই বন্ধুত্ব দীৰ্ঘজীৱী হোৱাৰ কামনা কৰিছে। 

বাক্সা