ডুমুনীত মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল খেল অনুষ্ঠিত

সোতৰ বছৰ অনুৰ্ধ্বৰ বাক্সা বিধানসভা সমষ্টি আৰু মানাহ বিধানসভা সমষ্টিৰ মাজত অনুষ্ঠিত এই খেলখন উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ তিগ্গা আৰু জিলা আয়ুক্ত গৌতম দাসে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বাক্সাৰ ডুমুনীত মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল টুৰ্ণামেন্ট খেল অনুষ্ঠিত হয়। সোতৰ বছৰ অনুৰ্ধ্বৰ বাক্সা বিধানসভা সমষ্টি আৰু মানাহ বিধানসভা সমষ্টিৰ মাজত অনুষ্ঠিত এই খেলখন উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ তিগ্গা আৰু জিলা আয়ুক্ত গৌতম দাসে। 

যুৱ চামক খেলৰ সৈতে জড়িত কৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ খেলৰ প্ৰতিভা বিকাশ কৰাটোৱেই এই খেলৰ উদ্দেশ্য বুলি মন্তব্য কৰি এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে জিলা আয়ুক্ত গৌতম দাসে। আনহাতে আজিৰ খেল উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গাই সকলো পৰ্যায়ৰ খেলুৱৈক আগবঢ়ায় নিবলৈ তেওঁ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে। খেলৰ আৰম্ভণিঅনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীও ৰখা হয় ।

বাক্সা