জালাহত কেবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ জালাহত বৃহস্পতিবাৰে এটি সভাগৃহ মুকলি কৰে বিধায়ক ফণীধৰ তালুকদাৰে। তেওঁ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সভাগৃহতো শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
baksaaa

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ জালাহত বৃহস্পতিবাৰে এটি সভাগৃহ মুকলি কৰে বিধায়ক ফণীধৰ তালুকদাৰে। তেওঁ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সভাগৃহতো শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে।

লগতে প্ৰায় ১০০ গৰাকী জ্যেষ্ঠ ব্যক্তিৰ সৈতে মত বিনিময় কৰে বিধায়ক ফণীধৰ তালুকদাৰে। তেওঁ লগতে জালাহ অঞ্চলত আজিৰ দিনটোতে জালাহত কেবাটাও উন্নয়নমূলক কামৰ আধাৰশিলাও স্থাপন কৰে। 

ইতিমধ্যে নৱগঠিত মানস বিধানসভা সমষ্টিত ৰাইজৰ মাজত সোমাই পৰিছে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকী। লগতে আগন্তুক নিৰ্বাচনত মানাহ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে ফণীধৰ তালুকদাৰ। তেওঁ সমষ্টিটোক লৈ‌ বহু সপোন থকাৰ কথাও ব্যক্ত কৰে।

বাক্সা