বাক্সা কাণ্ড : কাৰাগাৰ চৌহদত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা ৫জন লোকক আটক

আটাইকেইগৰাকীকে মুছলপুৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে মুছলপুৰ ডাঃ ৰবিৰাম বড়ো অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ মুছলপুৰৰ নিকাচিত থকা বাক্সা কাৰাগাৰ চৌহদত অপ্ৰিতীকৰ পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহত শুক্ৰবাৰে পুনৰ আটক কৰা হয় পাঁচজনকৈ লোকক। বাক্সা আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি মুছলপুৰ আৰক্ষী থানাত ৰাখিছে।

মুছলপুৰ আৰক্ষীয়ে আটক কৰা লোককেইজন ক্ৰমে— ৰাচিম আলি(অহোপা), চাৰুক আলি(অহোপা),নবৰাজ গৌতম (নিকাচি), বিদ্যুৎ চেত্ৰী (বৰবৰী)আৰু নচিবুৰ ৰহমান(অহোপা)  ৷ৰাচিম আলিক এটা বৈদ্যুতিন সংবাদ সংস্থাৰ বাহন জ্বলোৱাৰ সন্দেহত আটক কৰা হৈছে। ইয়াৰে বিদ্যুৎ চেত্ৰী ভাৰতীয় সেনাবাহিনীত কৰ্মৰত ৷

আটাইকেইগৰাকীকে মুছলপুৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে মুছলপুৰ ডাঃ ৰবিৰাম বড়ো অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা বুলি জানিব পৰা গৈছে।

কাৰাগাৰ