২১ নৱেম্বৰত ১নং বৰমা পৌৰসভাৰ অধ্যক্ষ আৰু আন সদস্য সকলৰ শপত গ্ৰহণ...

বাক্সা জিলাৰ প্ৰথম বৰমা পৌৰসভাখনৰ অধ্যক্ষ আৰু আন সদস্য সকলক  অহা ২১ নবেম্বৰত শপত গ্ৰহণ কৰাব । উক্ত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিটিচিৰ নগৰ উন্নয়ন কাৰ্যবাহী সদস্য

New Update
yhyh

ডিজিটেল সংবাদ, বৰমাঃ  বাক্সা জিলাৰ প্ৰথম বৰমা পৌৰসভাখনৰ অধ্যক্ষ আৰু আন সদস্য সকলক  অহা ২১ নবেম্বৰত শপত গ্ৰহণ কৰাব । উক্ত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিটিচিৰ নগৰ উন্নয়ন কাৰ্যবাহী সদস্য মুনমুন ব্ৰহ্মই। উল্লেখ্য যে  বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ দিনত ২০২৪ চনৰ ১৫ আগষ্টত বৰমাক পৌৰসভা  ঘোষণা কৰা হৈছিল । কিন্তু বোৰ্ডখন গঠণ কৰিব পৰা নাছিল ।

 বহু জল্পনা কল্পনাৰ পিছত    বহু প্ৰতীক্ষাৰ অন্তত বৰমাক পৌৰসভা হিচাপে পোৱাত বৃহত্তৰ বৰমাবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে ৷ ইতিমধ্যে বৰমাৰ সমাজ কৰ্মী তথা বৰমাৰ  ইম্পায়াৰ একাডেমী পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজৌৱাৰীক অধ্যক্ষ , হেমন্ত কুমাৰ দত্তক উপাধক্ষ্য , ৰাজু বড়ো ,সোদোমশ্ৰী বড়ো,ধৰণী বড়ো,শেৱালী ৰামছিয়াৰী ,অমিত পাঠক  ,ইদুল দাস ,সুনিতা বড়োক ৱাৰ্ড সদস্য  হিচাপে লৈ বৰমা পৌৰসভাৰ সমিতিখন গঠণ হয় ৷

বাক্সা