বাক্সাত আৰক্ষীয়ে গুলিওৱা দুই আহতক আজি মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰি প্ৰদান কৰিব চেক...

জুবিন মৃত্যুকাণ্ডৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানুক বাক্সা কাৰাগাৰলৈ নিয়াৰ দিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাত দুগৰাকী গুলীৱিদ্ধ হৈছিল। এই দুয়োগৰাকীৰে স্বাস্থ্য বৰ্তমান সুস্থিৰ। 

author-image
Asomiya Pratidin
New Update
ddddd

ডিজিটেল ডেস্কঃ জুবিন মৃত্যুকাণ্ডৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানুক বাক্সা কাৰাগাৰলৈ নিয়াৰ দিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাত দুগৰাকী গুলীৱিদ্ধ হৈছিল। এই দুয়োগৰাকীৰে স্বাস্থ্য বৰ্তমান সুস্থিৰ। 

গুলীবিদ্ধ হৈ আহত হোৱা বিদ্যুত কলিতা আৰু দীপক মেধিক আজি সাক্ষাত কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বাক্সাৰ নিকাছিত উপস্থিত হৈ দুয়োগৰাকী সাক্ষাতৰ লগতে পৰিয়ালক চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, বাক্সাৰ কাৰাগাৰৰ সন্মুখত সংঘটিত হোৱা এই ঘটনাত সাংবাদিক, পুলিচকে ধৰি ৫০ৰো অধিক লোক আহত হৈছিল। উত্তেজিত জনতাই জ্বলাই দিছিল সংবাদমাধ্যমৰ লগতে আৰক্ষীৰ দুখন বাহন। 

জুবিন গাৰ্গ