/asomiyapratidin/media/media_files/2026/03/08/whatsapp-imag-2026-03-08-15-26-52.jpeg)
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত ডকাইতি কাণ্ডৰ ঘটনা। মহানগৰীৰ মালিগাঁৱৰ মুকুত ডেকা আৰু তেওঁৰ বন্ধু প্ৰণৱ ডেকাৰ লগত সংঘটিত এই ডকাইতি কাণ্ড। মহানগৰীৰ মালিগাঁৱৰ মুকুত ডেকাই তেওঁৰ ব্যক্তিগত কামৰ বাবে বকোৰ পৰা ইটা ক্ৰয় কৰিবলৈ যোৱা সময়তে বকোৰ দেওচৰ অঞ্চলত সংঘটিত এই ডকাইতি কাণ্ড।
উল্লেখ্য যে- তিনিখনকৈ গাড়ীৰে ১৫ জনীয়া এটা ডকাইতৰ দলে আগভেটি ধৰি পিষ্টল দেখুৱাই আৰু লাঠিৰে আক্ৰমণ কৰে মুকুত ডেকাৰ লগতে তেওঁৰ বন্ধু প্ৰণৱ মহন্তক।প্ৰণৱ মহন্তক ডকাইতৰ দলটোৱে প্ৰহাৰ কৰাৰ সময়তে কোনো মতে প্ৰাণ ৰক্ষা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে মুকুত ডেকাই। ইপিনে ততাতৈয়াকৈ খবৰ দিয়ে স্থানীয় ৰাইজক। স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ কোনোমতে প্ৰাণ ৰক্ষা কৰে প্ৰণৱ মহন্তক।
ইপিনে সংকটজনক অৱস্থাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে প্ৰণৱ মহন্ত। ডকাইতৰ দলটোৱে মুকুত ডেকাৰ গাড়ীৰ গ্লাছ ভাঙি গাড়ীৰ পৰা কাঢ়ি নিলে নগদ ১ লাখ টকাৰ লগতে প্ৰণৱ মহন্তৰ সোণৰ চেইন আৰু মানীবেগ। আনফালে ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/08/1-2026-03-08-15-26-21.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us