/asomiyapratidin/media/media_files/2025/11/18/ap-web-zg-1-2025-11-18-13-40-14.jpg)
ডিজিটেল সংবাদ,বজালীঃ আজি ১৮ নৱেম্বৰ । সকলোৰে হিয়াৰ আমঠু গোল্ডীৰ জন্মদিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীৰ পাঠশালাত ও জুবিন গাৰ্গ ফেন ক্লাৱৰ ৫৩ সংখ্যক জন্মদিন পালন কৰে।
উল্লেখ্য যে ৰাজহুৱা স্থানত নাহৰৰ পুলি ৰোপন কৰাৰ লগতে বিশেষ ভাবে সক্ষম ছাত্ৰক পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ পৰা ৰৈ ৰৈ বিনালে প্ৰদৰ্শন কৰাও পৰিলক্ষিত হয় । মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ফল-মূল খাদ্য সামগ্ৰী বিতৰণ কৰে ক্লাৱৰ সদস্য সকলে।
তাৰোপৰি পদপথৰ ব্যক্তি সকলৰ মাজতো জুবিন ফেন ক্লাৱ পাঠশালাৰ ফালৰ পৰা কাপোৰ বিতৰণ কৰা পৰিলক্ষিত হয় । নাহৰ ভালপোৱা জুবিনৰ বাবে ইতিমধ্যে অনুৰাগীসকলে নাহৰৰ পুলি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us