/asomiyapratidin/media/media_files/2025/11/24/1-2025-11-24-16-13-08.jpg)
ডিজিটেল সংবাদ,বজালীঃ মঙলবাৰৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধান সভাৰ অধিৱেশন সন্দৰ্ভত মন্ত্রী ৰণজিৎ কুমাৰ দাসে বহু কেইটা মন্তব্য আগবঢ়োৱা দেখা যায়। তেওঁ কয় যে বিধান সভাৰ এই শেষৰখন অধিৱেশনে নতুন অসম গঢ়াৰ বাবে অন্যতম ভূমিকা পালন কৰিব। বিৰোধীসকলে গণতন্ত্ৰৰ মৰ্যাদা ৰক্ষা কৰি অধিৱেশন সফল কৰাৰ আহ্বান জনায় লগতে উল্লেখ কৰে যে বিৰোধীৰ ভূমিকাক শাসক দলে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/image-18-2025-11-24-16-07-58.png)
প্ৰাণিধানযোগ্য যে পঞ্চায়ত কৰ্মচাৰীৰ ক্ষেত্ৰত মন্ত্রী ৰণজিৎ কুমাৰ দাসে মন্তব্য কৰে যে -বৰ্তমান চৰকাৰে যি পদক্ষেপ গ্রহণ কৰিছে সেয়া কোনো চৰকাৰে আগতে কৰা নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/image-19-2025-11-24-16-08-19.png)
আনফালে পঞ্চায়ত বিভাগৰ বিজ্ঞাপনৰ হৰ্ডিং সমূহত ধন খৰচ নকৰি সেই ধন কৰ্মচাৰীৰ বাবে ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰিছে মন্ত্রী ৰণজিৎ কুমাৰ দাসে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us