দুৰ্ঘটনা ৰোধৰ বাবে বজালী আৰক্ষীৰ বিশেষ পদক্ষেপ

পাঠশালা চহৰৰ বাবে যান-বাহনৰ বিশেষ নিয়মাৱলী। পাঠশালাৰ মুখ্য চাৰিআলি চ'কৰ পৰা চাৰিওটা পথৰ ৬০ মিটাৰ ব্যৱধানলৈ চাৰিচকীয়া বাহনৰ বাবে পার্কিঙৰ ব্যৱস্থা নাথাকিব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ,বজালীঃ  ৰাজপথত জুবিনৰ গাৰ্গৰ গীতৰ মাজেৰে পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে বিশেষ সজাগতাৰ আয়োজন কৰা হৈছে। দুচকীয়া চাৰিচকীয়া বাহনৰ গৰাকীক বজালী আৰক্ষীয়ে নিয়মাবলীৰে বুজাই। পাঠশালা চহৰৰ বাবে যান-বাহনৰ বিশেষ নিয়মাৱলী। পাঠশালাৰ মুখ্য চাৰিআলি চ'কৰ পৰা চাৰিওটা পথৰ ৬০ মিটাৰ ব্যাসার্দ্ধলৈ চাৰিচকীয়া বাহনৰ বাবে পার্কিঙৰ ব্যৱস্থা নাথাকিব।

উল্লেখ্য় যে পাঠশালা নগৰৰ মুখ্য চাৰিআলিৰ চাৰিওটা পথতে যান-যত মুক্ত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা ৰবিবাৰলৈ পথৰ এফালে No Parking Zone হিচাপে আৰু আনটো ফালে পিছৰ সোমবাৰৰ পৰা ৰবিবাৰলৈ No Parking Zone হিচাবে ঘোষণা কৰা হৈছে। পাঠশালা নগৰৰ দূৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে গাড়ীৰ গতিবেগ প্রতি ঘণ্টাত ৩০ কিলোমিটাৰ নিৰ্দ্ধাৰণ কৰা হৈছে।


পাঠশালা নগৰৰ মুখ্য চাৰিআলিৰ পৰা চাৰিওটা পথৰ ওপৰত আৰু পদপথত সৰু-ডাঙৰ কোনো ধৰণৰ বেনাৰ, হোর্ডিং আদি ৰাখিব নোৱাৰিব। ইপিনে ই-ৰিক্সা সমূহৰ বাবে চহৰত পার্কিঙৰ স্থান নাই, হেতুকে যাত্রী উঠোৱা-নমোৱা কৰিলে ১ মিনিটতকৈ বেছি সময় ৰ'ব নোৱাৰিব। ই-ৰিক্সা সমূহে যাতে পৌৰসভাৰ নিয়মাৱলী মানি চলাচল কৰে তাৰ বাবেও নিৰ্দেশনা দিছে। 

বজালী