উচ্চ শিক্ষা স্বনিয়োজনৰ হেঙাৰ নহয়ঃ গাহৰি পালনেৰে স্বাৱলম্বনৰ বাট দেখুৱাইছে বজালীৰ এজন যুৱকে

চৰকাৰী চাকৰি লাভ কৰাৰ তুলনাত চাকৰি লাভ নকৰা লোকৰ সংখ্যাই সৰ্বাধিক। সেয়ে বহু উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে স্বনিৰ্ভৰশীল হোৱাৰ বাবে আৰম্ভ কৰিছে বিভিন্ন কাম।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-24 at 12.11.25 PM (1)

ডিজিটেল ডেস্কঃ  কামৰ কোনো সৰু বৰ নাথাকে। চৰকাৰী চাকৰি লাভ কৰাৰ তুলনাত চাকৰি লাভ নকৰা লোকৰ সংখ্যাই সৰ্বাধিক। সেয়ে বহু উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে স্বনিৰ্ভৰশীল হোৱাৰ বাবে আৰম্ভ কৰিছে বিভিন্ন কাম। কোনোবাই যদি কৃষি আৰু ব্যৱসায়ত গুৰুত্ব আৰোপ কৰিছে, আন কোনোৱে আকৌ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছে। তেনে সময়ত চৰকাৰী চাকৰি লাভ নকৰা যুৱক-যুৱতীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী উদ্যমী যুৱকে। এক কথাত গাহৰি উপাৰ্জন কৰি নিজৰ জীৱনৰ বাট মুকলি কৰিছে বজালীৰ হিমাংশু তালুকদাৰে। 

হিমাংশু তালুকদাৰৰ তেওঁৰ ফাৰ্মত ৫ বছৰৰ পাছত ১৫০ত কৈও অধিক গাহৰী পোহপাল দিছে। এই গাহৰী পোহপালনেৰে জীৱনৰ উপাৰ্জনৰ বাট মুকলি কৰি লৈছে পৰিয়ালটোৱে। চৰকাৰী কোনো ধৰণৰ ৰাজসাহায্য পোৱা নোপোৱাক লৈও অসন্তুষ্টি নহয় উদ্যমী যুৱকজন। নিজৰ ওপৰ গভীৰ বিশ্বাসেৰে নিজৰ কৰ্মবোৰ কৰি গৈ নিজেই এতিয়া এজন সফল ব্যবসায়ী ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে হিমাংশুৱে। বছৰি বছৰি এই গাহৰী পোৱালীবোৰ ক্ৰয় কৰি লৈ যায় গাহৰী ফাৰ্মৰ পৰা গাহৰী বিক্ৰেতাসকলে। 

উল্লেখযোগ্য যে-উদ্যমী যুবক হিমাংশু তালুকদাৰ বছৰি গাহৰী বিক্ৰী কৰি প্ৰায় ২০ লাখতকৈও অধিক ধন উপাৰ্জন কৰে। সাম্প্ৰতিক সময় বজালীত যুব সমাজৰ মাজত এক উজ্বল নিদৰ্শন হৈ পৰিছে হিমাংশু তালুকদাৰ। হিমাংশুৰ গাহৰী ফাৰ্মত বিভিন্ন প্ৰজাতীৰ গাহৰি পোহপাল কৰি আহিছে। হিমাংশুৱে  নিজে সংস্থাপিত হোৱাৰ লগে লগে সমান্তৰালভাবে পাঁচজন অসমীয়া লৰাকো সংস্থাপিত কৰিছে। তালুকদাৰৰ এই নিদৰ্শনক অনুসৰণ কৰি বজালীৰ বহুকেইগৰাকী যুবকে স্ব গৃহত গাহৰিৰ ফাৰ্ম খুলি নিজকে সংস্থাপিত কৰিছে। অকল গাহৰি ফাৰ্মতে সীমাবদ্ধ নাথাকি গাহৰি বিক্ৰী কৰা টকাৰে ৫ বিঘাৰ এটি পুখুৰীত মৎস্য পালন কৰিও উপকৃত হৈছে হিমাংশু তালুকদাৰে। 

বজালী