বজালীৰ ৬২ নং বৰমানিকপুৰ প্ৰাথমিক বিদ্যালয়লৈ ৪মাহে অহা নাই প্ৰধান শিক্ষক...

বজালী জিলাৰ এখন আজৱ প্ৰাথমিক বিদ্যালয়।  বিভিন্ন ধৰনৰ অজুহাত দেখুৱাই প্ৰায় চাৰি মাহ ধৰি বিদ্যালয়লৈ অহা নাই প্ৰধান শিক্ষক দীনবন্ধু পাঠক। এই আজৱ বিদ্যালয়খন হৈছে ৬২ নং বৰমানিকপুৰ প্ৰাথমিক বিদ্যালয়।  বিদ্যালয়খনৰ বিৰুদ্ধে বিভিন্ন

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, বজালীঃ বজালী জিলাৰ এখন আজৱ প্ৰাথমিক বিদ্যালয়।  বিভিন্ন ধৰনৰ অজুহাত দেখুৱাই প্ৰায় চাৰি মাহ ধৰি বিদ্যালয়লৈ অহা নাই প্ৰধান শিক্ষক দীনবন্ধু পাঠক। এই আজৱ বিদ্যালয়খন হৈছে ৬২ নং বৰমানিকপুৰ প্ৰাথমিক বিদ্যালয়।  বিদ্যালয়খনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ স্থানীয় ৰাইজৰ" প্ৰধান শিক্ষক দীনবন্ধু পাঠকৰ বিৰুদ্ধেও ক্ষোভ ৰাইজৰ।

ছাত্ৰী-ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল কন কন ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন খোৱাৰ বিপৰীতে চৰকাৰী চাউল বিক্ৰী কৰা দৃশ্য বন্দী কেমেৰাত। দৃশ্য চাওক চাউল বিক্ৰী কৰি গ্ৰাহকৰ পৰা বিদ্যালয়খনৰ এই গৰাকী শিক্ষকে কেনেদৰে টকা গণিছে।  উল্লেখ্য যে বিদ্যালয়খনত সত্তোৰ গৰাকীত কৈ অধিক ছাত্ৰ-ছাত্ৰী থকাৰ পিচতো বিদ্যালয় কতৃপক্ষই মধ্যাহ্ন ভোজন যোগান নধৰি চাউল বিক্ৰী কৰাটো সচাকৈ দুৰ্ভাগ্যজনক। 

অতিশীঘ্ৰে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাইজে আহ্বান জনোৱাৰ লগতে কোনে কিয় মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰিলে তদন্ত কৰিবলৈ দাবী উথ্থাপন কৰিছে।  এতিয়া এনেদৰে চলিছে নেকি শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ শিক্ষা বিভাগ। শিক্ষা বিভাগৰ কোন বিষয়াৰ আৰ্শীবাদত প্ৰধান শিক্ষক দীনবন্ধু পাঠকৰ দপদপনি বৃদ্ধি পাইছে যাৰ বাবে প্ৰায় চাৰিমাহে বিদ্যালয়লৈ অহা নাই

এই দৃশ্য দেখাৰ পিচত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কিবা ব্যৱস্থা গ্ৰহন কৰিব নে।  ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি কাৰ সাহসত এনেদৰে চাউল বিক্ৰী কৰিলে দুষ্ট চক্ৰই" এয়া এতিয়া ডাঙৰ প্ৰশ্ন

বজালী