/asomiyapratidin/media/media_files/2026/02/07/1-2026-02-07-15-11-47.jpg)
ডিজিটেল ডেস্কঃ বজালীৰ এগৰাকী অতি মেধাৱী যুৱকে বহিঃৰাষ্ট্ৰত এক সন্মানীয় পদবীত অধিষ্ঠিত হৈ সমগ্র অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পদার্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ প্রতিষ্ঠান American Physical Societyত FGSA Unit ৰ Chairman হিচাপে দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী বজালী সন্তান হৈছে যুগল তালুকদাৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/07/whatsapp-imag-2026-02-07-15-12-41.jpeg)
উল্লেখ্য যে, বজালীৰ অন্তৰ্গত মেধিকুছিৰ নিৱাসী মইনামতী ছোৱালী হাইস্কুলৰ অৱসৰী উচ্চবৰ্গৰ সহায়ক জনক তালুকদাৰ আৰু একেখন বিদ্যালয়ৰে অৱসৰী প্ৰধান শিক্ষয়িত্ৰী কৌশ্যলা তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ যুগল তালুকদাৰে ২০১০ বৰ্ষত শংকৰদেৱ শিশু নিকেতন চৌখুটীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰাৰ পাছত ২০১২ বৰ্ষত বজালী মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ষষ্ঠ স্থান দখল কৰি পুনেৰ আই আই এছ ই আৰত নামভৰ্তি কৰি ২০১৭ চনত পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে ৷ ইয়াৰ পাছতে হোমাৰ এল ডজ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ ফেল’শ্বিপৰ সহায়ত ওকলাহোমা বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰী আৰু তাৰ পাছত লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্ৰিনেহা নাৰঙৰ গৱেষণা গোটত কোৱাণ্টাম তথ্য বিজ্ঞানৰ পোষ্ট ডক্টৰেট গৱেষণা বিজ্ঞানী হিচাপে যোগদান কৰে ৷
সম্প্ৰতি আমেৰিকাৰ সৰ্ববৃহৎ উচ্চ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কনিষ্ট বিজ্ঞানী হিচাপে চাকৰি কৰি আছে অসম সন্তান যুগল তালুকদাৰে ৷ যুগল তালুকদাৰে পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ সৰ্ববৃহৎ প্রতিষ্ঠান American Physical Society ৰ অতি সন্মানীয় পদবীত স্থান লাভ কৰাৰ লগতে এই পদবীত অধিস্থিত প্ৰথম গৰাকী অসমীয়া হিচাপে স্থান লাভ কৰিছে ৷ ইপিনে আমেৰিকাৰ সংসদ ভৱন Capital Hillত অনুষ্ঠিত হোৱা এক আলোচনা চক্রটো ভাগ লোৱাৰ সুযোগ লাভ কৰে অসম সন্তান যুগলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us