/asomiyapratidin/media/media_files/2025/11/13/212-2025-11-13-10-45-16.jpg)
ডিজিটেল সংবাদ, বজালী : বজালী আৰক্ষীৰ এটা দলে চলোৱা অভিযানত মৈনুদ্দিন নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হয়। তাৰোপৰি তেওঁৰ পৰা সন্দেহজনক হেৰʼইন থকা ১২ টা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত সামগ্ৰীখিনিৰ ওজন প্ৰায় ১৬ গ্ৰাম।
ইফালে আন এক পৃথক অভিযানত শাজিদুল ইছলাম নামৰ আন এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰে অভিযানকাৰী দলটোৱে। তেওঁৰ পৰাও সন্দেহজনক হেৰʼইন থকা ১৩ টা প্লাষ্টিকৰ কন্টেইনাৰ উদ্ধাৰ কৰা হয়।
অধিক তথ্যৰ বাবে দুয়োগৰাকী ব্যৱসায়ীক ভৱানীপুৰ আৰক্ষী চকীত বজালী আৰক্ষীয়ে ইতিমধ্যে জেৰা চলাই আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us