/asomiyapratidin/media/media_files/2025/11/23/5-2025-11-23-09-31-55.jpg)
ডিজিটেল সংবাদ,বজালীঃ বজালীত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ উপস্থিত হয় মন্ত্ৰীগৰাকী। বজালীত ২ কোটি ৬৫ লাখ টকা ব্যয় সাপেক্ষে ১৪ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ কৰে । এই আন্তঃগাঁথনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।
উল্লেখ্য যে বজালীৰ পাটাছাৰকুছি সমষ্টিৰ ১৪ খন বিদ্যালয়ৰ প্ৰতিখনত ১৮,৯৭,০০০ হাজাৰ টকাকৈ বিজ্ঞান আৰু গণিতৰ একোটাকৈ বিজ্ঞানাগাৰ স্থাপনৰ কামো আৰম্ভ কৰা হয়। ইপিনে বজালীৰ ৰতনপুৰৰ মধ্য বজালী হাইস্কুলত আৰু 'অসম সৌৰভ' শ্ৰী কৃষ্ণ ৰয়ে পাঠশালা ছোৱালী হাইস্কুলত আনুষ্ঠানিক ভাৱে কামৰ শুভাৰম্ভ কৰাও পৰিলক্ষিত হয়। বাকী ১২ খন বিদ্যালয়ৰ কামো আনুষ্ঠানিক ভাৱে আৰম্ভ কৰা হ'ব বুলি বজালীৰ ৰতনপুৰৰ পৰাই ঘোষণা কৰিছে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।
তাৰোপৰি বজালীৰ ইতিহাসত ১৪ খন বিদ্যালয়ত একেলগে ইমান বৃহৎ পৰিমাণৰ ধনৰাশিৰে কাম আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰাৰ লগতে এই দিনটোত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰনজিৎ কুমাৰ দাসে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us