বজালীত ‘জন আশীৰ্বাদ যাত্ৰা’

ভাৰতীয় জনতা পাৰ্টীৰ জন আশীৰ্বাদ যাত্ৰাই সোমবাৰে নৱগঠিত ২৬ নং বজালী সমষ্টিত ব্যাপক জনসমৰ্থন লাভ কৰাৰ লগতে পাটাছাৰকুছিত অভিলেখ সংখ্যক লোক সমবেত হোৱা পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
janayatraaaa

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ ভাৰতীয় জনতা পাৰ্টীৰ জন আশীৰ্বাদ যাত্ৰাই সোমবাৰে নৱগঠিত ২৬ নং বজালী সমষ্টিত ব্যাপক জনসমৰ্থন লাভ কৰাৰ লগতে পাটাছাৰকুছিত অভিলেখ সংখ্যক লোক সমবেত হোৱা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ জ্যেষ্ঠ নেতাসকলক স্বাগত জনাবলৈ পাটাছিৰকুছিত ৰাতিপুৱাৰে পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে হাজাৰ হাজাৰ সমৰ্থকে সমবেত হয়। জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ব্যাহত হৈ পৰে যান-বাহন চলাচল৷

দিনৰ প্ৰায় ১১ বজাত বামাখাটা সত্ৰৰ পৰা আৰম্ভণি কৰা এই যাত্ৰাৰ সমদলটো পাটাছাৰকুছিত দিনৰ প্ৰায় ২ বজাত প্ৰবেশ কৰে৷ ধৰমতলাৰ পৰা পাটাছাৰকুছি পৌৰসভাৰ এলেকাত অগণন সমৰ্থকৰ উপস্থিতিত এই বিশাল যাত্ৰা পাটাছাৰকুছিত পাৰ হৈ যাবলৈ প্ৰায় আধা ঘণ্টা সময় অতিবাহিত হয়৷

অভিলেখ সংখ্যক জনসমাগত অভিভূত হৈ মুখ্যমন্ত্ৰীয়ে বাহনৰ ওপৰত থিয় হৈ ৰাইজৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰে আৰু বিগত কাৰ্যকালত এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি প্ৰায় এক লাখ ষাঠি হাজাৰ চাকৰি প্ৰদান কৰা বুলি কৈ অহাবাৰ শাসনত আহিলে দুই লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ 

ইয়াৰোপৰি বিগত কাৰ্যকালত দুই লাখ নিবনুৱাক দুই লাখকৈ ব্যৱসায়ৰ বাবে দিয়া ধন অহাবাৰলৈ দহ লাখক দিম বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ মহিলা উদ্যমিতা আচনিত বিগত কাৰ্যকালত দহ হাজাৰ দিয়া হৈছিল আৰু ভবিষ্যতে ২৫ হাজাৰকৈ এই ধনৰাশি প্ৰদান কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁ৷ 

আনহাতে শাসনলৈ আহিলে পাঁচ লাখ বিখা ভূমি বেদখলমুক্ত কৰাৰো প্ৰতিশ্ৰুতি দি উন্নয়নৰ খতিয়ানেৰে প্ৰস্তুত কৰা গীতৰ তালে তালে নাচে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ এই যাত্ৰাৰ আৰম্ভণি হয় ঐতিহাসিক বামাখাটা সত্ৰৰ পৰা। মুখ্যমন্ত্ৰী হেলিকপ্টাৰেৰে সত্ৰত উপস্থিত হৈ বৃহৎ জনসমাগমৰ মাজেৰে প্ৰায় এশ মিটাৰ খোজকাঢ়ি সত্ৰত প্ৰৱেশ কৰি প্ৰাৰ্থনা জনায়। পুৱাৰ পৰাই বহু লোক সত্ৰৰ আশে-পাশে সমবেত হৈ গামোচাৰে মুখ্যমন্ত্ৰীক অভিনন্দন জনায় আৰু তেওঁক এবাৰ দেখা পোৱাৰ বাবে অপেক্ষা কৰে।

প্ৰাৰ্থনা সমাপন কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে উপস্থিত লোকসকলক সংক্ষিপ্ত ভাষণ দি জন আশীৰ্বাদ যাত্ৰাৰ বাবে আশীৰ্বাদ বিচাৰে। তাৰ পিছত কেণ্ডুগুৰিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ১২৭নং ৰাষ্ট্ৰীয় ঘাই পথেৰে পাঠশালা নগৰৰ দিশে যাত্ৰা আগবাঢ়ে। পথৰ দুয়োফালে থিয় হৈ থকা হাজাৰ Thank সমৰ্থক, দলীয় কৰ্মী আৰু সাধাৰণ জনতাই ফুল আৰু গামোচাৰে স্বাগত জনায় মুখ্যমন্ত্ৰীগৰাকীক।

এই যাত্ৰাত মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি মনোজ বৰুৱা, কমল কুমাৰ মেধি আৰু জিলাৰ বহু নেতা উপস্থিত থাকে।  মুখ্যমন্ত্ৰী ড°শৰ্মাই কয় যে- ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজৰ আশীৰ্বাদ বিচৰা হৈছে। ৰাইজৰ মৰম আৰু সমৰ্থনৰ ফলত এই যাত্ৰা এক জন উৎসৱত পৰিণত হৈছে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে- যোৱা পাঁচ বছৰত বিজেপি চৰকাৰে বহু উন্নয়নমূলক কাম কৰিছে আৰু পুনৰ জনতাৰ আশীৰ্বাদ পালে আগন্তুক দিনত উন্নয়নৰ গতি আৰু বঢ়োৱা হব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও কয় যে- বজালীত হোৱা এই বিপুল জনসমাগমে মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত ৰাইজৰ আস্থা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, জন আশীৰ্বাদ যাত্ৰা অসমৰ বিভিন্ন সমষ্টিত অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনৰ পূৰ্বে দল আৰু ৰাইজৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। পাছত এই যাত্ৰা পাটাছাৰকুছি হৈ টিহু আৰু নলবাৰী অঞ্চললৈ আগবাঢ়ে৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা