মৰ্মিতা মিত্ৰৰ অনুষ্ঠান চাই উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা

পাঠশালা ৰাসত মৰ্মিতা মিত্ৰৰ অনুষ্ঠান চাই উভতি অহাৰ পথতে  বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বিদ্যুৎতৰ খুটাত।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 10.32.03 AM

ডিজিটেল সংবাদ,বজালীঃ  ৰাসৰ আনন্দৰ মাজতে বজালীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। পাঠশালা ৰাসত মৰ্মিতা মিত্ৰৰ অনুষ্ঠান চাই উভতি অহাৰ পথতে  বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বিদ্যুৎতৰ খুটাত। 

উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ লগে লগে এক বিকট শব্দৰে বাহনখনৰ পৰা ধোবা নিৰ্গত হয় । ঘটনা সংঘটিত কৰি বিলাসী বাহনৰ চালকো পলায়ন কৰে । 

তাৰোপৰি বাহনৰ চালকৰ পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাৰ পাছৰে পৰা নিত্যানন্দ কাহাৰপাৰাৰ সমগ্ৰ অঞ্চলটোতেই  বিদ্যুৎ সংযোগ বিছিন্ন হৈ আছে।  স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তুলে যদিও  ঘটনাস্থলীত পাটাছাৰকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

দুৰ্ঘটনা বজালী