/asomiyapratidin/media/media_files/2025/10/03/473-2025-10-03-12-13-11.jpg)
ডিজিটেল সংবাদ, বৈঠালাংছ' : অৱশেষত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে সামৰণি পৰিল ৩৩ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ ৷ কাৰ্বি জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি পৰবৰ্তী প্ৰজন্মৰ মাজত সাংস্কৃতিক পৰিৱেশেৰে বিলাই দিয়াৰ পদক্ষেপেই হৈছে এই যুৱ মহোৎসৱৰ মূল উদ্দেশ্য ৷
২৯ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বৈঠালাংছৰ চেৰদিহুন আক্লামত অনুষ্ঠিত হয় এই কাৰ্বি যুৱ মহোৎসৱ। অন্তিম দিনাৰ কাৰ্যসূচীত সহস্ৰাধিক লোকৰ অংশ গ্ৰহণেৰে উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা।
অন্তিম দিনা বিয়লি অনুষ্ঠিত হোৱা সাধাৰণ সভাত অংশগ্ৰহন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। কাৰ্বি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সম্প্ৰসাৰণৰ উদ্দেশ্যে প্ৰতি বছৰে আয়োজন কৰা এই যুৱ মহোৎসৱৰ বাবে কাৰ্বি পৰিষদৰ তৰফৰ পৰা দুয়োখন জিলা সামৰি মুঠ ১ কোটি টকা প্ৰদান কৰা হ'ব বুলি চি ই এম ৰংহাঙে সভাত ঘোষণা কৰে।
মহোৎসৱৰ সমান্তৰালকৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বৰ্তমান যুৱ সমাজৰ ব্যাধি হিচাপে পৰিচিত ড্ৰাগছ আৰু বাল্যবিবাহ ৰোধত গুৰুত্ব আৰোপ কৰে যুৱ মহোৎসৱৰ উদ্যোক্তাসকলে ৷