/asomiyapratidin/media/media_files/2025/12/19/ujjjdd-2025-12-19-09-17-52.jpg)
ডিজিটেল সংবাদ, বৈঠালাংছুঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ আমৰি বিধানসভা সমষ্টিৰ উমছোৱাইত অনুষ্ঠিত ভূমিহীন পৰিয়ালক বিনামূলীয়া ভূমিপট্টা বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আগন্তুক বিধানসভাৰ টিকটকেন্দ্ৰিক বিষয়ক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৷
হাজৰিকাই কয় যে দলে বহুবাৰ চিন্তা-চৰ্চা কৰিব ৷ কোন বেচি জনপ্ৰিয়, কাৰ্যকৰ্তাই কাক বিচাৰে তেনেকে প্ৰাৰ্থিত্ব দিয়া হ’ব ৷ যুৱনেতা হ’লেও নহ’ব জনপ্ৰিয় হ’ব লাগিব, ৰাইজৰ লগত যিজনে বিপদে-আপদে থাকে তেনে ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব বুলি অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷
লগতে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিবলৈ আৰু তুলিৰাম ৰংহাং আৰু অমৰ ছিং টিছʼৰ হাত শক্তিশালী কৰিবলৈকো আহ্বান জনায় মন্ত্ৰী পিযুষ হাজৰিকাই। সভাত জিলাখনত বসবাস কৰা ৩১০০ টা খিলঞ্জীয়া পৰিয়ালক বিনামূলীয়া ভূমি পট্টা প্ৰদান কৰে ড° তুলিৰাম ৰংহাঙে।
সভাত উপস্থিত থাকে বিধায়ক ৰূপছিং টেৰণ, দৰছিং ৰংহাং, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য সকল আৰু পৰিষদৰ বিষয়া-কৰ্মচাৰীসকল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us