/asomiyapratidin/media/media_files/2025/11/27/1-2025-11-27-15-45-57.jpg)
ডিজিটেল ডেস্কঃ সমাগত ২৬ ৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মোক্ষম আঘাত। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি সম্পাদক প্ৰমুখ্যে আদি কৰি সমূহীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-15-43-13.jpeg)
উল্লেখ্য যে ডংকামোকামস্থিত বন বিভাগৰ কাৰ্যালয়ৰ পৰা সমদল উলিয়াই জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ গৈ সমূহীয়াভাৱে পদত্যাগ কৰে। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি, সম্পাদক, কাৰ্যালয় সম্পাদক,মণ্ডলৰ বিষয়ববীয়া ক্ৰমে জেনিচন তেৰণ, ৰূপছিং বংৰুং, চত্ৰ তেৰণৰ নেতৃত্বত এই সমূহীয়া পদত্যাগ কাৰ্যসূচী ৰূপায়ণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-15-43-35.jpeg)
তাৰোপৰি পদত্যাগ কৰা জিলা সমিতিৰ বিষয়ববীয়া সকলে কয় যে কংগ্ৰেছ দলৰ শীৰ্ষ নেতাৰ প্ৰতি ক্ষোভিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছ দলে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ দলৰ বিষয়ববীয়াৰ লগত কোনো আলোচনা নকৰাকৈ ডঃ মানছিং ৰংপিক বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ দলত স্থান দিলে। ফলত পুৰণি কংগ্ৰেছীৰ অস্তিত্ব নিঃছিন্ন হৈ পৰিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-15-43-57.jpeg)
উল্লেখযোগ্য যে যি দলে সদ্য পদত্যাগ কৰা বিষয়ববীয়া সকলক গুৰুত্ব দিব, তেনে দললৈ এই সকল বিষয়ববীয়া যাব বুলি উল্লেখ কৰি কয় যে অহা ৫ ডিচেম্বৰৰ পৰা জিলাখনৰ প্ৰতিটো বুথলৈ গৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক ভোট নিদিবলৈ ভোটাৰ ৰাইজক আহ্বান জনাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us