/asomiyapratidin/media/media_files/2026/01/22/hdhdjjd-2026-01-22-13-12-14.jpg)
ডিজিটেল ডেস্কঃ কাৰাগাৰেই এতিয়া নিৰাপদ স্থান বুলি ভাৱিবলৈ লৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তসকলে। সেয়েহে হয়তো দুই অন্যতম অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে প্ৰত্যাহাৰ কৰিছে জামিন আবেদন।
২২জানুৱাৰীত আদালতত আছিল জুবিন হত্যাকাণ্ডৰ সৈতে জড়িত পাঁচ অভিযুক্তৰ জামিনৰ শুনানি। কিন্তু এই শুনানিৰ পূৰ্বেই শ্যামকানু আৰু সন্দীপনৰ অধিবক্তাই প্ৰত্যাহাৰ কৰে জামিনৰ শুনানি। উল্লেখ কৰা প্ৰয়োজন যে, এই শুনানিত ভাগ ল'বলৈ উপস্থিত হৈছিল গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ।
আন ৩গৰাকী অভিযুক্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হ'ব অহা ৩০জানুৱাৰীত। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব এই শুনানি। ইফালে শ্যামকানু আৰু সন্দীপনে কিয় হঠাতে এই সিদ্ধাৰ্থ গ্ৰহণ কৰিলে তাক লৈ চৰ্চা হৈছে এতিয়া।
বহুতে ক'ব খোজে যে, ৰাইজৰ ৰোষত পৰা ভয়তে এতিয়া কাৰাগাৰকেই নিৰাপদ বুলি ভাৱিবলৈ লৈছে জুবিন হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা এই অভিযুক্ত সকলে। অৱশ্যে দুয়োগৰাকীয় পুনৰ জামিনৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আবেদন কৰিব বুলিও অধিবক্তা সমাজৰ মাজত চৰ্চা চলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us