New Update
/asomiyapratidin/media/media_files/2025/10/24/45-2025-10-24-12-42-50.jpg)
- ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামী আৰু নাই।
- শুই থকা অৱস্থাতে হেঙেৰাবাৰীৰ হাউচিং ক'লনীৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
- অসমীয়া সংবাদ জগতলৈ তেখেতে আগবঢ়াই গৈছে বিশেষ বৰঙণি।
- ১৯৪৬ চনত জন্ম হৈছিল বৈকুণ্ঠ গোস্বামীৰ।
- মুক্ত সাংবাদিকতাৰ লগতে কেইবাখনো কাকতত তেওঁ সংবাদ সেৱা আগবঢ়াইছিল।
- অসম ভূমি নামৰ কাকতখনৰ সম্পাদকো আছিল গোস্বামী।
- সাংবাদিকতাৰ লগতে কেইবাখনো গ্ৰন্থ প্ৰনয়ণ কৰি গৈছে তেওঁ।
- তেওঁ ৰচনা কৰা গ্ৰন্থবোৰৰ ভিতৰত জনমালা ১, জনমালা ২, নিৱন্ধ চয়ন, অসমীয়া জাতীয়তাবাদ আৰু অসমীয়া, সংজ্ঞা, সংবাদ মাধ্যমৰ স্বাধীনতা আদি উল্লেখযোগ্য ।
- গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি সুস্মিতা গোস্বামীৰ পিতৃ আছিল তেওঁ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us