এবাৰ, দুবাৰ নহয়! শাওন মাহতে চাৰিবাৰকৈ বাইহাটাৰ শিৱ মন্দিৰত সোমাল চোৰ...

এবাৰ দুবাৰকৈ চাৰিবাৰ শিৱ মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে লৈ যায় জমা ধন। যোৱা নিশা পুনৰ একেটা মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে জমা ধন লৈ যোৱাত স্থানীয় ৰাইজৰ

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল সংবাদ বাইহাটা চাৰিআলিঃ এবাৰ দুবাৰকৈ চাৰিবাৰ শিৱ মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে লৈ যায় জমা ধন। যোৱা নিশা পুনৰ একেটা মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে জমা ধন লৈ যোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীৰ সমীপৰ শৰাইঘাট গাঁৱৰ ঐতিহ্যমণ্ডিত আঁহতগুৰি শিৱ মন্দিৰত।

গাওঁ খনৰ পৰা পশ্চিম দিশে কিছু নিলগৰ খেতি পথাৰৰ মাজত অৱস্থিত আঁহতগুৰি শিৱ মন্দিৰৰ সন্মুখত থকা দানপাত্ৰ ভাঙি যোৱা নিশা চোৰে জমা ধন লৈ যোৱাৰ লগতে ভড়াল ঘৰৰ তলা ভাঙি বাচন বৰ্তন নিবলৈ চেষ্টা চলাই। বাৰে বাৰে চোৰে দানপাত্ৰ ভাঙি জমা ধন লৈ যোৱাত সমস্যাত পাৰিছে মন্দিৰ পৰিচালনা সমিতি।

ঘটনা সন্দৰ্ভত আজি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি পুলক চমুৱাই বাইহাটা চাৰিআলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পবিত্ৰ শাওন মাহ উপলক্ষে দৈনিক দৰ্শন কৰিবলৈ অহা ভক্ত সকলে আগবঢ়োৱা প্ৰায় ৬/৭ হেজাৰ মান টকা দানপাত্ৰ ভাঙি চোৰে লৈ যোৱা বুলি অনুমান কৰা হৈছে। এজাহাৰ দাখিল কৰি বাইহাটা চাৰিআলি আৰক্ষীক মন্দিৰৰ দানপাত্ৰ ভঙা কাৰ্যৰ লগত জৰিত চোৰক আটক কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাই।

বাইহাটা চাৰিআলি