/asomiyapratidin/media/media_files/2025/11/30/7-2025-11-30-14-58-58.jpg)
ডিজিটেল সংবাদ,বাইহাটা চাৰিআলিঃ আৰক্ষীকো কেৰেপ নকৰে চোৰে, আৰক্ষীৰ চকুত ধূলি দি চোৰে চলালে চুৰিকাৰ্য এইবাৰ বিলাসী বাহনত চকু চোৰৰ। বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ পৰা গুৱাহাটী পথত থকা প্ৰজ্বলিকা নামৰ এখন হোটেলৰ সন্মুখৰ পৰা স্কৰপিঅ' বাহন চুৰি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-14-56-52.jpeg)
জানিব পৰা মতে, বিশ্বনাথৰ হুছেইন শিকদাৰ নামৰ এজন লোকৰ বাহনখন জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন দাসে কিছু কামৰ বাবে বাইহাটা চাৰিআলিলৈ আহিছিল। এগৰাকী আৰক্ষী বিষয়াই ব্যাৱহাৰ কৰা বাহনখন বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ পৰা চুৰি হোৱা ঘটনাত সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-2025-11-30-14-57-25.jpeg)
উল্লেখ্য যে বাইহাটা চাৰিআলি অঞ্চলৰ পৰা দুচকীয়া, চাৰিচকীয়া বাহন চুৰি হোৱা ঘটনা নতুন নহয় যদিও খোদ এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ব্যৱহাৰ কৰা বাহন চুৰি হোৱা ঘটনাই তাৎপৰ্য বহন কৰিছে। চুৰি হোৱা বাহনখনৰ নম্বৰ AS 32 B 9010 বুলি জানিব পৰা গৈছে। বাইহাটা চাৰিআলি আৰক্ষী থানাই ইতিমধ্যে হোটেলখনৰ চিচি টিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us