/asomiyapratidin/media/media_files/2025/10/11/breaking-news-2025-10-11-18-45-15.jpg)
ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাত নিশা প্ৰায় ১১ বজাত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ আলিপূৱ (জুনৰু) নিবাসী মানিক কাকতি (৫৮) নামৰ লোকজনক দুমুনিচকী আল্টা গাঁৱৰ পত্নীগৃহৰ পৰা চাইকেল চলাই আহি থকা অৱস্থাত বেজেৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহটিয়াই থৈ পলায়ন কৰে।
প্ৰত্যক্ষদৰ্শী লোকে বাইহাটা চাৰিআলি থানাৰ আৰক্ষীৰ সহযোগত নিশা ১০৮ এম্বুলেন্সযোগে বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসকে কাকতিক মৃত ঘোষণা কৰে। উল্লেখ্য যে, মানিক কাকতিয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আছিল। বাইহাটা চাৰিআলি আৰক্ষীয়ে মৃত কাকতিৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখন বিচাৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ পৰা কাকতিৰ চাইকেলখন উদ্ধাৰ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us