পশ্চিমবংগত তিনিদিনীয়াকৈ উদযাপন বাহা উৎসৱ

পশ্চিমবংগৰ আছানচোলত জনজাতীয় সমাজে পালন কৰে প্ৰকৃতি পূজা ৷ অতি উলহ-মালহেৰে পালন কৰা এই উৎসৱ জনপ্ৰিয়ভাৱে পৰিচিত ‘বাহা উৎসৱ’ হিচাপে। 

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন।ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি উছাহ।আবিৰৰ পৰশেৰে ৰঙীন ৰাজ্যৰ চৌদিশ। তাৰ মাজতে পশ্চিমবংগৰ আছানচোলত জনজাতীয় সমাজে পালন কৰে প্ৰকৃতি পূজা ৷ অতি উলহ-মালহেৰে পালন কৰা এই উৎসৱ জনপ্ৰিয়ভাৱে পৰিচিত ‘বাহা উৎসৱ’ হিচাপে। পিছে এই উৎসৱৰ আছে বিশেষ মহত্ব। কিয়নো এই উৎসৱত ব্যৱহাৰ কৰা নহয় কোনো ধৰণৰ কৃত্ৰিম ৰং ৷ তাৰ সলনি ব্যৱহাৰ কৰা হয় পানী আৰু ফুলৰ পাহি ৷

WhatsApp Image 2026-03-04 at 8.09.36 AM

উল্লেখ্য যে -পশ্চিমবংগৰ ৰঙাপৰাৰ হিৰাপুৰ ব্লকৰ হৰমাদিহি গাঁৱৰ ৰাইজে এই  উৎসৱ উদযাপন কৰে ৷ বাহা উৎসৱৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ গাঁৱৰ মাটিৰে নিৰ্মিত ঘৰবোৰ প্ৰাকৃতিক ৰং, ফুল, মালা আদিৰে সজাই তোলা হয়। আনফালে জনজাতীয় পুৰুষ-মহিলাসকলে ধনছা-মদল বা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সুৰত নৃত্য প্ৰদৰ্শন কৰে। ইজনে-আনজনৰ ওপৰত পানী ঢালিও তেওঁলোকে আনন্দ প্ৰকাশ কৰে । জনজাতীয় লোকসকলে বছৰ বছৰ ধৰি হোলী বা দৌল যাত্ৰাৰ দিনা বাহা উৎসৱ পালন কৰি আহিছে । এই উৎসৱৰ সৈতে দৌল বা হোলীৰ লগত কোনো সম্পৰ্ক নাই।এয়া এক  জনজাতীয় উৎসৱ। এই উৎসৱ মূলতঃ তিনিদিনীয়া ৷

WhatsApp Image 2026-03-04 at 8.09.38 AM

পশ্চিমবংগ