/asomiyapratidin/media/media_files/2026/01/15/whatsapp-imag-2026-01-15-22-58-57.jpeg)
ডিজিটেল ডেস্কঃ ইতিহাস ৰচিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰায় দহ হাজাৰ শিল্পী। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত বড়ো সম্প্রদায়ৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা একেলগে পৰিৱেশ কৰাৰ বাবে সাজু এই দহ হাজাৰ শিল্পী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১৭ জানুৱাৰীত মহানগৰীৰ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ১০ হাজাৰ শিল্পীয়ে খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ তালে তালে এক অপৰূপ দৃষ্টিনন্দন শৈলীৰে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/what6-pm-2026-01-15-22-57-04.jpeg)
এই সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই উল্লেখ কৰে যে,ৰাজ্যৰ বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক বৈভৱসমূহক বিশ্ব মঞ্চত উদ্ভাসিত কৰি তোলাৰ বাবেই বিগত কেইবছৰ মানৰ পৰা চৰকাৰে বহু বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে । এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠান সফলভাৱে আয়োজন কৰাৰ পাছত এইবাৰ বড়ো সম্প্রদায়ৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বাই ৰচিব ইতিহাস।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-i-2026-01-15-22-57-26.jpeg)
প্ৰণিধানযোগ্য যে, শুকুৰবাৰে চূড়ান্ত আখৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি মন্ত্ৰী বড়াই উল্লেখ কৰে । এই বাগৰুম্বা দহৌৰ প্ৰতি ৰাইজৰ আগ্ৰহৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰৰ চূড়ান্ত আখৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ১৪ হাজাৰ প্ৰৱেশ পত্ৰ বিতৰণ কৰাৰ লগতে ১৭ জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত এল ই ডি স্ক্ৰীনৰ ব্যৱস্থা কৰা হ'ব বুলি কয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us