/asomiyapratidin/media/media_files/2026/01/17/hdjjd-2026-01-17-10-45-32.jpg)
ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে শনিবাৰে ১০হাজাৰ বড়ো যুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মখত পৰিৱেশন কৰিব বাগৰুম্বা। বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ দৰে অনুষ্ঠান সফল হোৱাৰ পাছত বাগৰুম্বা দহৌ অনুষ্ঠানে সৃষ্টি কৰিব অভিলেখ।
কিন্তু আপুনি জানেনে, বাগৰুম্বা দহৌৰ অৰ্থ কি। বাগৰুম্বা দহৌ হৈছে এটা বড়ো শব্দ। ইয়াৰ অৰ্থ হৈছে বাগৰুম্বাৰ ঢৌঁ। অৰ্থাত শনিবাৰে সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত ১০হাজাৰ যুৱতীয়ে সৃষ্টি কৰিব বাগৰুম্বাৰ ঢৌঁ।
উল্লেখ কৰা প্ৰয়োজন যে, খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ দৰে ৫বাদ্যৰ তালে তালে বহু ৰঙী পখিলা যেন হৈ পৰিব এই দহ সহস্ৰাধিক বড়ো নৃত্যশিল্পী। সন্ধিয়া ৬বজাৰ পাছতে আৰম্ভ হব এই বাগৰুম্বা দহৌ অনুষ্ঠান।
বাগৰুম্বা নাচত চিখলা তথা যুৱতী সকলে পৰিধান কৰিব দখনা, ৰেগেৰেগাং জোমগ্ৰা, আৰণাই, গছলা, চন্দ্ৰহালা মালা, ফুলকুৰি খেৰা, আসাম গথা আদি সাজ পাৰ আৰু আ–অলংকাৰ। ইতিমধ্যে ২০সহস্ৰাধিকৰো অধিক প্ৰৱেশ পত্ৰ বিতৰণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
১৭ জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত এল ই ডি স্ক্ৰিণৰ ব্যৱস্থা কৰা হৈছে। মুঠৰ ওপৰত বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ দৰে অনুষ্ঠান সফল হোৱাৰ পাছত আন এক ঐতিহাসিক ক্ষণৰ বাবে বাকী আছে আৰু কিছু সময়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us