/asomiyapratidin/media/media_files/2025/09/11/ujjjd-2025-09-11-22-51-36.jpg)
ডিজিটেল সংবাদ, বাগানপাৰাঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বড়োভূমিত এতিয়া গৰম বতাহ বলা পৰিলক্ষিত হৈছে। ভোটগ্ৰহণলৈ মাজত মাথো কেইটামান দিন বাকী থকা সময়তে প্ৰতিটো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে। পৰিষদীয় নিৰ্বাচনৰ বাবে বড়োভূমিত এইবাৰ প্ৰৱেশ কৰিছে আগতে প্ৰৱেশ নকৰা ৰাজনৈতিক দলেও।
কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অল্টাৰনেটিভ পাৰ্টী অফ বড়োলেণ্ড ইত্যাদি দল সমূহেও কেবাটাও সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । তাৰোপৰি সততে বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰা ৰাজনৈতিক দল সমূহৰ কৰ্মীসকলৰ গাত এতিয়া তত নোহোৱা অৱস্থা। বিশেষকৈ বিজেপি, ইউপিপিএল আৰু বিপিএফৰ প্ৰাৰ্থী তথা সমৰ্থক সকলৰ জিৰাবলৈ আহৰি নাই।
ৰাজনৈতিক গৰম বতাহ বলিছে বাক্সা জিলাৰ অন্তৰ্গত ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিতো । এই সমষ্টিটোত ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হৈছিল ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়ো । বিটিচি পৰিষদৰ অধ্যক্ষৰ আসনো পাঁচ বছৰে শুৱনি কৰি আহিছে কাতিৰাম বড়োৱে । শিক্ষিত, ভদ্ৰ, নম্ৰ স্বভাৱৰ কাতিৰাম বড়োৱে পূৰ্বতে নিখিল বড়ো ছাত্ৰ সন্থাক নেতৃত্ব দিছিল ।
সমষ্টিটোত তেওঁৰ আছে এটা ভাল নাম । ইফালে ভাৰতীয় জনতা পাৰ্টিয়ে বাগানপাৰাত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক উপ-সভানেত্ৰী ৰেখাৰাণী দাস বড়োক । সমষ্টিটোৰ ৰাইজৰ বাবে ৰেখাৰাণী দাস বড়ো এটা চিনাকি নাম হ'লেও বিভিন্ন প্ৰান্তৰ ৰাইজে ক্ষোভ পুহি ৰাখিছে নেত্ৰী গৰাকীৰ ওপৰত । কিছুমান প্ৰান্তত আকৌ অভিযোগ উঠিছে ৰেখাৰাণী দাস বড়ো চালানী বুলি ।
গুৱাহাটীৰ বাসিন্দা এগৰাকীক পাৰিষদ হিচাপে নিবিচাৰে ৰাইজে । আনফালে বাগানপাৰাত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল সৰবৰাহী মহিলা আৰতী বৰদলৈ । তেওঁৰ আছিল কেবা সহস্ৰাধিক পকেট ভোট । সম্প্ৰতি দলীয় স্বাৰ্থত আৰতী বৰদলৈয়ে ৰেখাৰাণী দাস বড়োৰ সংগ দিলেও বৰদলৈৰ সমৰ্থক সকল আজিও নাৰাজ । গতিকে বিজেপিৰ ভোট বিভাজিত হ'ব তিনিটা ভাগত ।
তাৰে অধিকাংশ ভোট পৰিব ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ পক্ষত, কিছু ভোট পৰিব বিপিএফৰ প্ৰাৰ্থী বনমালী বড়োৰ পক্ষত আৰু কিছু ভোট পৰিব গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তৃষ্ণা মেধিৰ পক্ষত । আনহাতে বাগানপাৰাত বিপিএফে বনমালী বড়োক প্ৰাৰ্থীত্ব দিছে যদিও প্ৰথমে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মক আৰু মনেশ্বৰ ব্ৰহ্মক প্ৰাৰ্থীত্ব দিয়াৰ সময়তে সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি, সৃষ্টি হৈছিল দলীয় সংঘাত ।
কিয়নো বাগানপাৰা পৰিষদীয় সমষ্টিত অন্যতম প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল সমাজসেৱক চতন ৰামচিয়াৰী আৰু চতন ৰামচিয়াৰীৰ সমৰ্থক আছিল সৰ্বাধিক । কিন্তু দলীয় সংঘাত ইত্যাদিৰ পাচত মনেশ্বৰ ব্ৰহ্মই প্ৰাৰ্থীত্ব নাকচ কৰে আৰু বনমালী বড়োক প্ৰাৰ্থীত্ব প্ৰদান কৰে । কিন্তু চতন ৰামচিয়াৰীৰ সমৰ্থক আজিও নাৰাজ ।
তেনে ক্ষেত্ৰত চতন ৰামচিয়াৰীৰ সমৰ্থকৰ আধাতকৈ বেছি ভোট পৰিব পাৰে ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ পক্ষত । মুঠতে সাতে পাঁচে বাৰ হৈ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ জয়ৰ পথ সুগম হৈছে বুলি সমষ্টিত বুবা চলিছে । সমষ্টিটোত মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও বাকী সকলৰ নাই বিশেষ প্ৰভাৱ । এতিয়া ভোটগণনাৰ দিনাহে লক্ষণীয় হ'ব কোন হ'ব বাগানপাৰাৰ পৰবৰ্তী পাৰিষদ !