/asomiyapratidin/media/media_files/2025/11/19/new-ap-web-5-20-2025-11-19-14-15-55.jpg)
ডিজিটেল ডেস্কঃ সমাগত ২০২৬ৰ নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্য আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। নগাঁৱত উপস্থিত হৈছে AIUDF ৰ মূৰব্বী বদৰুদ্দিন আজমল। উপস্থিত হৈ তেওঁ বহু কেইটা মন্তব্য কৰা পৰিলক্ষিত হয় ।
প্ৰণিধানযোগ্য যে, তেওঁ কৈছে- ২০২৬ নিৰ্বাচনত AIUDF য়ে বিৰোধী ঐক্য মঞ্চৰ সংযোগ নহয় লগতে তেওঁ গৌৰৱ গগৈ সৰু ল'ৰা আৰু ৰকিবুল হুছেইন ১০৮ আৰু বিজেপিৰ এজেণ্ট এনেদৰেও মন্তব্য কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ আৰু এটা কথা উল্লেখ কৰিছে যে ওৱেছিক অসমত আহিলে আদৰণি জনাম। ২ তাৰিখে নিমন্ত্ৰণ পঠাম তেওঁলৈ ।
ইমানেই নহয় তেওঁ কয় যে বিহাৰৰ নিৰ্বাচনত যি দৰে ৰে'ল ভৰি ভৰি মানুহ নি ভোট প্ৰদান কৰিছে, তেনেকুৱা পৰিৱেশ অসমত হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে।
তাৰোপৰি ধিঙৰ বিধায়কক আমিনুল ইছলাম ৮ মাহে জেলত আছে। জেলত থকাটো কংগ্ৰেছে বিচাৰি আছে, সেই সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আনফালে আন প্ৰদেশৰ উদাহৰণ দাঙি জেলৰ পৰা বিধায়কে নিৰ্বাচন খেলি জয়ী হোৱাৰ কথা প্ৰকাশ কৰিছে । দৰকাৰ হ'লে আমিনুল ইছলামে জেলৰ পৰা নিৰ্বাচন খেলিব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us