/asomiyapratidin/media/media_files/2025/12/18/new-ap-web-5-7-2025-12-18-15-09-09.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ দীৰ্ঘ বিৰতিৰ পিছত বৃহস্পতিবাৰে ধুবুৰীত আহি উপস্থিত হয় ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা এআইইউডিএফ দলৰ মূৰব্বী মৌলানা বদৰউদ্দিন আজমল। ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ধুবুৰী আৰু বিৰসিং জৰুৱা কমিটীৰ উদ্যোগত আয়োজন কৰা এআইইউডিএফৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰে মৌলানা বদৰউদ্দিন আজমলে।
ইফালে, আজি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৌলানা বদৰউদ্দিন আজমলে উল্লেখ কৰে যে, যদি বিজেপিৰ বি টিম বুলি কংগ্ৰেছে এআইইউডিএফক আঙুলি টোঁৱাই আছে তেন্তে কংগ্ৰেছ দল বিজেপিৰ এ প্লাছ টীম বুলি মই ঘোষণা কৰি আছোঁ।
আজমলে লগতে উল্লেখ কৰে যে, কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা গৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয়। আনহাতে আগন্তক বিধানসভা নিৰ্বাচনত এআইইউডিএফে ৩৫ খন আসন ত প্রার্থী দিব বুলিও তেওঁ সদৰী কৰে।
আনহাতে, অখিল গগৈক টাৰ্গেট কৰি আজমলে কয়, এআইইউডিএফ যদি জিৰোঁ হয়, তেন্তে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ কি বুলি প্ৰশ্ন কৰে। এইবাৰ আমি স্পষ্ট হ'ম- কোন দল আমাৰ সকলোতকৈ ডাঙৰ দুচমন কংগ্ৰেছ নে বিজেপি ?
কি কি কামৰ কাৰণে আজমলে বিজেপিক বেয়া পায় বুলি প্ৰশ্ন কৰাত আজমলে কৈ গলে সকলো কাৰণ। আজমলে কয়, What is this মিঞা। মিঞা কিবা ইছ্যু নেকি। তেওঁ এইবাৰ নিৰ্বাচন অংশ গ্ৰহণ নকৰে বুলি উল্লেখ কৰে যদিও দলে বিচাৰিলে তেওঁৰ সিদ্ধান্ত সলনি কৰিবও পাৰে বুলি কয়।
আজমলে লগতে উল্লেখ কৰে যে, কংগ্ৰেছে উজনি অসমত ভালদৰে কাম কৰক। ৰাহুল গান্ধীয়ে যদি ক'ব পাৰে আমি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি সংখ্যালঘু লোকৰ সমস্যা সমাধানৰ কৰিম তেন্তে এ আই ইউ ডি এফ দল বন্ধ কৰি দিব বদৰুদ্দিন আজমলে। অসমৰ পৰা বিজেপি খেদিব লাগে এয়াই হ'ব এ আই ইউ ডি এফৰ নিৰ্বাচনী ইছু। গণ ভিত্তি নথকা দলৰ লগত লিলি হোটেলত লিলিমাই কৰে কংগ্ৰেছে। ভোট চুৰি, এছ আৰৰ বিৰোধীতা এআইইউডিএফৰ।আমি ভোট বিভাজনৰ বাৱে প্ৰাৰ্থিত্ব নিদিওঁ যত আমাৰ জিকাৰ সম্ভাৱনা আছে তাতে আমি প্ৰাৰ্থী দিম বুলি মন্তব্য কৰে বদৰউদ্দিন আজমলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us