/asomiyapratidin/media/media_files/2026/01/16/642-2026-01-16-10-44-48.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : দহ বছৰ অতিক্ৰম কৰিলে কাজিৰঙাৰ বান্দৰডুবিত চলা উচ্ছেদ অভিযানে ৷ বৰ্তমান বেদখলকাৰীৰ কৱলত পৰা ৰাজ্যৰ বনাঞ্চলসমূহ দখল মুক্ত কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ হাতত লোৱাৰ সময়ত উচ্চাৰিত হৈছে কাজিৰঙাৰ বান্দৰডুবিৰ নাম ৷
২০১৬ চনৰ ১৯ ছেপ্তেম্বৰত প্ৰশাসনে উচ্ছেদ চলাইছিল কলিয়াবৰ সমজিলাৰ অন্তৰ্গত বান্দৰডুবি অঞ্চলত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বিশাল এলেকাটোত বেদখলৰ অভিযোগত প্ৰশাসনে উচ্ছেদ চলাই দখল মুক্ত কৰে বান্দৰডুবি ৷
পৰৱৰ্তী সময়ত এলেকাটো হস্তান্তৰ কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৷ দখলমুক্ত বান্দৰডুবি এতিয়া হৈ পৰিছে প্ৰকৃতিৰ ৰম্যভূমি ৷ চালে চকুৰোৱা বান্দৰডুবিৰ সেউজ ঘাঁহনিত দেখা পোৱা গৈছে গঁড় ,হাতী,হৰিণাকে ধৰি বিগ ফাইভৰ বিচৰণ ৷
বৰ্তমান পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰা বান্দৰডুবিৰ জলাশয়ত ভিন্ন প্ৰজাতিৰ পক্ষীয়ে অৱতাৰণা কৰে মনোৰম দৃশ্যৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোনালি ঘোষে প্ৰকাশ কৰা মতে মানুহৰ সমাগম নথকা ঠাই সাধাৰণতে প্ৰকৃতিয়ে আকোঁৱালি লয় ৷ অসমৰ ভূমি জলবায়ু প্ৰাকৃতিক উপাদানৰে পূৰ্ণ ৷ যাৰবাবে জনশূন্য বান্দৰডুবিক আঁকোৱালি লৈছে প্ৰকৃতিয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us