দিল্লী বিমানবন্দৰত হাহাকাৰ: দেশজুৰি ইণ্ডিগ'ৰ ৫৯খন বিমান বাতিল

দিল্লী বিমানবন্দৰতে ইণ্ডিগ'ৰ ২৭খন বিমান বাতিল কৰা হৈছে। যাত্ৰীসকলে নিজৰ গন্তব্যস্থানলৈ যাবলৈ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতহে এই বাতিলৰ খবৰ লাভ কৰি ক্ষোভ উজাৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  পুনৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ইণ্ডিগ'ৰে যাত্ৰা কৰিব বিচৰা যাত্ৰীসকল। ইণ্ডিগ'ই সমগ্ৰ দেশজুৰি তেওঁলোকৰ ৫৯খনকৈ বিমান হঠাতে বাতিল কৰিছে। এই বৃহৎ সংখ্যক বিমান বাতিলৰ ফলত হাজাৰ হাজাৰ যাত্ৰী বিমানবন্দৰত আৱদ্ধ হৈ পৰাৰ লগতে চৰম অসুবিধাৰ সন্মুখীন হৈছে।

দেশৰ ভিতৰতে আটাইতকৈ ব্যস্ত বিমানবন্দৰ, নতুন দিল্লীৰইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, কেৱল দিল্লী বিমানবন্দৰতে ইণ্ডিগ'ৰ ২৭খন বিমান বাতিল কৰা হৈছে। যাত্ৰীসকলে নিজৰ গন্তব্যস্থানলৈ যাবলৈ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতহে এই বাতিলৰ খবৰ লাভ কৰি ক্ষোভ উজাৰিছে।

ইণ্ডিগ'ৰ তৰফৰ পৰা সকলো বিমান বাতিলৰ নিৰ্দিষ্ট কাৰণ স্পষ্ট কৰা হোৱা নাই, তথাপিও প্ৰাৰম্ভিক সূত্ৰ অনুসৰি কাৰ্যকৰী অসুবিধা আৰু বিমানৰ ইঞ্জিন সম্পৰ্কীয় যান্ত্ৰিক বিজুতিৰ বাবেই এই সিদ্ধান্ত ল’বলগীয়া হৈছে। আনহাতে, উত্তৰ ভাৰতৰ একাংশ অঞ্চলত দেখা দিয়া কুঁৱলীৰ বাবেও কিছুমান উৰণ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।

কোনো আগতীয়া জাননী নোহোৱাকৈ অন্তিম মুহূৰ্তত বিমান বাতিল কৰাৰ বাবে যাত্ৰীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে। বহু যাত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ দুৰৱস্থাৰ কথা জানিবলৈ দিছে। বিমান সংস্থাটোৱে যাত্ৰীসকলক টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়া অথবা বিকল্প উৰণৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছে যদিও পৰ্যাপ্ত আসনৰ অভাৱত বহু যাত্ৰী বিপাঙত পৰিছে।

ইণ্ডিগ' বিমান