বিশিষ্ট জীৱনীকাৰ, গীতিকাৰ, সাংস্কৃতিক কৰ্মী বাবুল দাস আৰু নাই...

বিশিষ্ট জীৱনীকাৰ, গীতিকাৰ, সাংস্কৃতিক কৰ্মী বাবুল দাস আৰু নাই...
বিশিষ্ট জীৱনীকাৰ, গীতিকাৰ, সাংস্কৃতিক কৰ্মী বাবুল দাস আৰু নাই...

ডিজিটেল ডেস্কঃ সাহিত্যিক পেঞ্চনাৰ বাবুল দাস আৰু নাই। বিশিষ্ট জীৱনীকাৰ, গীতিকাৰ তথা সাংস্কৃতিক কৰ্মীগৰাকীয়ে ১৯ নৱেম্বৰ ২০২২, শনিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্যে যে হৃদৰোগত আক্ৰান্ত হৈ থকা বাবুল দাস হাস্পতালত ভৰ্তি হৈছিল। বিশিষ্ট জীৱনীকাৰগৰাকীয়ে 'শিল্পী সৈনিক বিষ্ণু ৰাভা', 'অ' মোৰ অসমী আই', 'যাযাবৰ' আদি গ্ৰন্থ সম্পাদনা কৰাৰ লগতে ৰচনা কৰি থৈ গৈছে।

বিশেষ শিল্পী সৈনিক বিষ্ণু ৰাভা গ্ৰন্থ সম্পাদনা কৰাৰ ক্ষেত্ৰত বাবুল দাসে বহু দিন ধৰি অসমৰ ভিন্ন জিলাৰ উপৰিও কলিকতা আদি ভ্ৰমণ কৰি সমল সংগ্ৰহ কৰিছিল। যিয়ে বাবুল দাসক সাহিত্য আৰু সাংস্কৃতিক কৰ্মী হিচাপে এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in