জেপ হ'ব গৰম! বাবু সকললৈ ভাল খবৰ...

২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা বাবু আঁচনিৰ শুভাৰম্ভণি তথা ধন মুকলিৰ কথা কৰিলে ঘোষণা।

author-image
Asomiya Pratidin
New Update
hdjdjd

ডিজিটেল ডেস্কঃ ২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা বাবু আঁচনিৰ শুভাৰম্ভণি তথা ধন মুকলিৰ কথা কৰিলে ঘোষণা। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এই সন্দৰ্ভত লিখিছে এনেদৰে- 

সুপ্ৰভাত বাবুসকল,
প্ৰায় কেইবা দিন ধৰি মোৰ ফে'চবুক আৰু এক্স মাধ্যমৰ কমেণ্টত মোৰ ভাগিনসকলে বহুপ্ৰত্যাশিত নিযুত বাবু, জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ ধন মুকলিৰ তাৰিখটো সুধি আহিছে৷ এতিয়া অপেক্ষাৰ অন্ত পৰিল৷ অলপ পাছতে এই তিনি আঁচনিৰ ধন তোমালোকলৈ মুকলি কৰি দিম৷ মোৰ ভাগিনসকলক দিয়া প্ৰতিশ্ৰুতি মই পূৰণ নকৰাকৈ থাকিব পাৰোঁনে!
উল্লেখ্য যে, এই ঘোষণা কৰাৰ পাছতে জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই তিনিওখন আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু, প্ৰশান্ত ফুকন। 
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী