বৰক'লাত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস উদযাপন

বৰক'লাত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,বেবেজীয়াঃ  ছাত্র সমাজৰ দ্বাৰা পৰিচালিত বিশ্ব কপোৱা অসমৰ ঐতিহাসিক বিদেশী বহিস্কাৰ আন্দোলনৰ দাবীত ১৯৮৩ চনৰ জুয়ে পুৰা তিৰাশীৰ পহিলা মাৰ্চত অসমী আইৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কৰম সিঙৰ বৰক'লা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ প্ৰাংগণত থকা  ত্ৰি-শ্বহীদ চন্দন সিং, কৰম সিং আৰু বলীন্দ্ৰ মজুমদাৰৰ স্মৃতি সৌধত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস উদযাপন কৰে। 

WhatsApp Image 2026-03-01 at 3.02.33 PM

পুৱা ৯ বজাত শ্বহীদ কৰম সিঙৰ স্মৃতি সৌধত তেওঁৰ ভাতৃ জিৎ সিঙ আৰু ইকবাল সিঙে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে অনুষ্ঠানৰ  শুভাৰম্ভ কৰে । তাৰ পিছত শ্বহীদ বলীন্দ্ৰ মজুমদাৰৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে তেওঁৰ পত্নী তৰুলতা মজুমদাৰে । অন্যহাতে শ্বহীদ চন্দন সিঙৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ ভাতৃ তেজা সিঙে । শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰি বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰে কয় যে , অসম আন্দোলনৰ শ্বহীদ সকলৰ বিষয়ে আমাৰ ছাত্ৰ-ছাত্ৰী সকলে জনাটো আৱশ্যক। তেওঁলোকৰ বিষয়ে জানিলেহে শ্বহীদ দিৱস পতাৰ সাৰ্থকতা থাকিব। 

অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অতিথি লেখক-সাংবাদিক দেৱজিৎ হাজৰিকাই মন্তব্য প্ৰকাশ কৰে যে- জুইয়ে পুৰা তিৰাশীৰ আন্দোলনত বৰক'লাৰ তিনিজন তেজাল যুৱক ক্রমে  শ্বহীদ কৰম সিং,চন্দন সিং আৰু বলীন্দ্ৰ মজুমদাৰে অসম মাতৃৰ কাৰণে প্ৰাণ আহুতি দিলে। তেওঁলোকৰ ত্যাগে বৰক'লা অঞ্চলক সদায় মহীয়ান কৰি ৰখাৰ লগতে  গৰিমামণ্ডিত  কৰি ৰাখিব । এই তিনিজন শ্বহীদৰ লগতে বাকী আন শ্বহীদ সকলকো পুনৰ আৱিষ্কাৰ কৰাৰ সময় আহি পৰিছে। পাঠ্যপুথিটো শ্বহীদসকলৰ বিষয়ে সন্নিবিষ্ট কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।  

অনুষ্ঠানত আন এগৰাকী অতিথি জ্ঞানী জছবীৰ সিঙে কয় যে-শ্বহীদ সকল চিৰসেউজ আৰু শ্বাশ্বত। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ পৰা অসম আন্দোলনৰ শ্বহীদ সকলৈকে সকলো শ্বহীদে অসমীয়া লোকৰ প্ৰাণত চিৰ সেউজ হৈ থাকিব । বৰক'লা  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ভদ্ৰকান্ত ডেকাই আঁতধৰা স্মৃতি চাৰণ অনুষ্ঠানটিত শিশু সাহিত্যিক উত্তম সিং, সমাজকৰ্মী মোহিনী মোহন লস্কৰ, তেজা সিং, জিৎ সিং, ইকবাল সিং, ৰতন সিং, গুৰুদেৱ সিং, বলদেৱ সিং, মনদীপ সিং, সঞ্জীৱ সিং, বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক চন্দ্ৰমোহন শৰ্মা, জিৎ কৌৰ, জছবীৰ কৌৰ, ৰুমী শইকীয়া, হৰপ্ৰিত সিং, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকে । 

বেবেজীয়া