বেবেজীয়াৰ ডিমৌ চাৰিআলিত জাতীয় শ্বহীদ পৰিয়ালৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত

প্ৰাক্তন আছু নেতা পংকজ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্বহীদ পিকু শইকীয়াৰ জেষ্ঠ ভাতৃ  বিজয় বৰাই। সভাৰ আঁত ধৰে শ্বহীদ লম্বু বৰাৰ ভাতৃ  প্ৰণৱ বৰাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্কঃ  নগাঁৱৰ বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিত জাতীয় শ্বহীদ পৰিয়ালৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।  প্ৰাক্তন আছু নেতা পংকজ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্বহীদ পিকু শইকীয়াৰ জেষ্ঠ ভাতৃ  বিজয় বৰাই। সভাৰ আঁত ধৰে শ্বহীদ লম্বু বৰাৰ ভাতৃ  প্ৰণৱ বৰাই। সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্বহীদ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰা  সভাখনিত  কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। 

eadaf374-d3f8-448e-9a75-c48fd77c6c40

সভাৰ প্ৰস্তাৱ যোগে উল্লেখ কৰে যে ২০২৩ চনত ভাৰত চৰকাৰ ,অসম চৰকাৰ আৰু আলফাৰ লগত  হোৱা চুক্তি মৰ্মে  সীমিত সংখ্যক শ্বহীদ পৰিয়ালক ১০ লাখ টকাকৈ সাহাৰ্য আগ বঢ়াইছিল। একেখন  চুক্তিৰ আধাৰত হাজাৰ হাজাৰ শ্বহীদ  পৰিয়ালৰ লোকৰ ক্ষেত্ৰত আজিলৈকে কোনো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা নাই । এনে বৈষম্য মুলক ব্যৱস্থা পৰিহাৰ কৰি বঞ্চিত  শ্বহীদ পৰিয়ালক সম মৰ্যাদা দিবলৈ দাবী জনায়। লগতে ৯০  দশকৰ শ্বহীদ হোৱাৰ সময়ত অসমৰ দল, সংগঠন, নেতা, সাংবাদিক যিসকলে শ্বহীদৰ পৰিয়ালৰ খা-খৱৰ লৈছিল তেনে লোক সকলৰ মতামত গ্ৰহণৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে ।

66ad6ebc-e571-4896-838f-9fae6162adc7

আন এক প্ৰস্তাৱত শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলালৈ শ্বহীদৰ সন্দৰ্ভত বৈষম্য হোৱা বিষয়টো ৰাজহুৱা কৰি সংঘৱদ্ধ ভাৱে অসমৰ জনগণৰ মাজত প্ৰভাৱ পেলাব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিখন জিলালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।উল্লেখ্য যে আজিৰ গুৰুত্বপূৰ্ণ সভাখনিত  জিলাখনৰ ৩৫ টা শ্বহীদ পৰিয়ালৰ লোক উপস্থিত থাকে। 

নগাওঁ