/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-2-2026-02-14-23-38-20.jpeg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ ঐতিহাসিক অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ বৰক’লাৰ শ্বহীদ চন্দন সিংৰ মৃত্যু দিৱসটিত বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে শ্বহীদ জনাৰ বাসগৃহৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে শ্বহীদ জনাৰ স্মৃতি চাৰণৰ আয়োজন কৰে। ঐতিহ্যমণ্ডিত বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত থকা শ্বহীদৰ শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰত শ্বহীদ চন্দন সিং, কৰম সিং আৰু বলিন্দ্ৰ মজুমদাৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ লগতে পুস্পাঞ্জলী অৰ্পন কৰে প্ৰাক্তন আছু নেতা দেৱাংগ ভূষণ দাসে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-20-2026-02-14-23-36-39.jpeg)
শ্বহীদ কৰম সিংৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে দক্ষিণপাট গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ঘন দাসে ৷ শ্বহীদ বলিন্দ্ৰ মজুমদাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃৰ্তী শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰে ৷ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ভদ্ৰকান্ত ডেকাই আতঁ ধৰা অনুষ্ঠানত প্ৰাক্তন আছু নেতা দেৱাংগ ভূষণ দাসে মন্তব্য প্ৰকাশ কৰে যে- অসমৰ অস্তিত্বৰক্ষা আন্দোলনত শ্বহীদ চন্দন সিংৰ দৰে অসমৰ বহু ব্যক্তিয়ে প্ৰাণ আহুতি দিয়াৰ লগতে চিৰদিনৰ বাবে বহুলোক ঘুনিয়া হ’ল ৷ এই ঘটনাৰাজিৰে শ্বহীদৰ ত্যাগক সদায় জনমানসত জীয়াই থাকিব ৷ তেওঁ লগতে ছাত্ৰী সকলে জানিবলৈ অসমৰ পাঠ্যপুথিত অসম আন্দোলনৰ সকলো কথা সন্নিৱিষ্ট কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷ লগতে শ্বহীদ চন্দন সিং আৰু শ্বহীদ বলিন্দ মজুমদাৰৰ নাম অসম চৰকাৰৰ স্বহীদ স্মৃতি ক্ষেত্ৰত শ্বহীদ দুজনৰ নাম লিপিবদ্ধ কৰিবলৈও আহবান জনায় ।
উল্লেখ্য যে- এজন বিশিষ্ট অতিথি লেখক-সাংবাদিক সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে- সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি স্বাক্ষৰিত হ'ল। কিন্তু অসমৰ বিদেশী সমস্যা সমস্যা হৈয়ে ৰল। শ্বহীদৰ পৰিয়ালৰ লগতে অসম আন্দোলনকাৰী সকলক আজিও চিনি নোপোৱাতো উদ্বেগৰ বিষয় । অনুষ্ঠানত দক্ষিণপাট গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী ঘন দাস আৰু জ্ঞানী জচবীৰ সিঙে শ্বহীদ চন্দন সিঙৰ স্মৃতি চাৰন কৰি ভাষণ প্ৰদান কৰে। ইয়াৰ পাছতে শ্বহীদ চন্দন সিঙৰ বাসগৃহত থকা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-ima-2026-02-14-23-36-55.jpeg)
উক্ত অনুষ্ঠানত জ্ঞানী জচবীৰ সিঙে শিখ ধৰ্মৰ ৰীতি নীতিৰে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান শুভাৰম্ভ কৰাৰ অনুষ্ঠানত প্ৰাক্তন আছু নেতা দেবাঙ্গ ভূষণ দাস , নাট্যকাৰ বিৰেণ নাথ , শিশু সাহিত্যিক উত্তম সিং , সমাজ কৰ্মী মোহিনী মোহন লস্কৰ , জ্ঞানী হৰভজন সিং , অৰবিন্দ সিং , হৰবন সিং , তেজা সিং , অমৰজীত কৌৰ , অৰ্জুন সিং , বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধক্ষ্য ব্ৰজেন বৰা , শিক্ষক চন্দ্ৰ মোহন শৰ্মা , সৰলা কৌৰ , গোলাপ কৌৰ , নিৰু কৌৰ , হৰপিত কৌৰ , বিনিতা কৌৰ , সংগীতা কৌৰ , কুলবিন্দ কৌৰ , শ্বহীদ বলিন্দ মজুমদাৰৰ পত্নী তৰুলতা মজুমদাৰকে ধৰি বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী বৃন্দৰ লগতে ছাত্র ছাত্ৰী সকল উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us