/asomiyapratidin/media/media_files/2025/09/27/jhhhd-2025-09-27-21-58-20.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গ নোহোৱা হোৱা আজি ৯টা দিন উকলিল। আজিত সমগ্ৰ অসমবাসীৰ মন উকা উকা। পূজাৰ বতৰ যদিও আগৰ দৰে যেন উন্মাদনা। জুবিন মৃত্যু হোৱাৰ খবৰটোৰ পৰা আজিও ওলাব পৰা নাই লাখ লাখ অনুৰাগী।অনুৰাগীৰ বাবে জুবিন সদায়ে আছিল ভগৱান। জীৱিত অৱস্থাত জুবিনক ভগৱান জ্ঞান কৰা বহু অনুৰাগী বহুতে দেখিছে।
জীৱিত অৱস্থাত জুবিনক ভগৱান বুলি কোৱা কথাটোক বহুতে গুৰুত্ব প্ৰদান নকৰিলেও মৃত্যুৰ পাছত কিছুমান ঘটনাই বহু কথাই বহুতৰ মনত ক্ৰিয়া কৰিছে। জুবিন মৃত্যুৰ পাছত পত্নী গৰিমা গাৰ্গে প্ৰদান কৰা প্ৰথমটো প্ৰতিক্ৰিয়াতেই কৈছিল যে, মই যে এগৰাকী ভগৱানৰ কাষত আছিলো, আজি উপলদ্ধি কৰিছো।/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/27/551059180_4030774253864042_4336526069730558417_n-2025-09-27-21-29-29.jpg)
সামাজিক মাধ্যমতো বহুতে লিখিছে জুবিন আছিল ভগৱানৰ এক অৱতাৰ। যদিও জীৱিত অৱস্থাত জুবিনক আমি মন্দিৰ বা ধৰ্মীয় অনুষ্ঠানত বৰ বেছি নেদেখিছিলো, কিন্তু বহু সাক্ষাতকাৰত জুবিনে কৈছিল যে তেও এগৰাকী শিৱভক্ত। ৩৩কোটি ভগৱানৰ ভিতৰত শিৱৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব তেও খুবেই ভাল পাও বুলি কৈছিল।
জুবিনৰ গাত সচাকৈয়ে আছিল নেকি ঐশ্বৰিক শক্তি! এই প্ৰশ্ন উদয় হোৱা আৰু এটা কাৰণ আছে। আমাৰ সকলোৰে হস্তৰেখা বোৰে বিশেষ কিছু ইংগিত প্ৰদান কৰে। বহুতৰ হস্তৰেখাত অংকিত হৈ থাকে ত্ৰিশূল। এনে বহু লোক আছে যাৰ হস্তৰেখাই এপাত বা দুপাত ত্ৰিশূল আকৃতি সৃষ্টি কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/27/554086873_2491041031288982_2203399456404331040_n-2025-09-27-21-27-40.jpg)
কিন্তু আপুনি জানি আচৰিত হ'ব যে, জুবিনৰ হাতত আছিল অগণন ত্ৰিশূল। জুবিনৰ হস্তৰেখাই জুবিনৰ হাতত সৃষ্টি কৰিছিল বহু ত্ৰিশূল। জীৱিত কালতেই হাতৰ চাপ সংগ্ৰহ কৰা ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে এই কথা বহুদিনৰ পূৰ্বেই সদৰি কৰিছিল। জুবিনৰ হাতত কেৱল ত্ৰিশূলেই নহয় আছে বহু তৰা।
জ্যোতিষ শাস্ত্ৰৰ মতেও হস্তৰেখাত একেলগে তৰা আৰু অগণন ত্ৰিশূল কেৱল অৱতাৰী পুৰুষৰ হাততহে থাকে। শিল্পী দিগন্ত মাধৱ গোস্বামীয়েও এই সন্দৰ্ভত কয় যে, জুবিন দাৰ কৰকমলত মোৰ দৃষ্টিতস্বৰ্গীয় চিহ্নবোৰ ধৰা দিছিল। তেখেতৰ অনুগামীসকলে তেখেতক ভগৱান আখ্যা দিয়া কথাটোক মই সন্মান কৰিছো।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/27/549734605_24511608745132975_2586337478148567829_n-2025-09-27-21-32-36.jpg)
আনহাতে জুবিন মৃত্যুৰ সৈতে ঘটা আৰু এটা ঘটনাই জুবিন আৰু শিৱৰ মাজত থকা সংযোগ বিচাৰি পাইছে একাংশই। ছিংগাপুৰত জুবিনৰ শেষ যাত্ৰা হৈছিল এখন এম্বুলেন্সত। উক্ত এম্বুলেন্স খনতো আছিল শিৱৰ এখন ডাঙৰ ফটো। সেয়েহে নেটিজেন সকলে মন্তব্য কৰিছে যে, জুবিন গাৰ্গৰ শেষ যাত্ৰাতো সংগ দিছিল শিৱবাবাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/27/5182f73e-3b99-4d6a-899c-12376f64b03e-2025-09-27-21-38-25.jpeg)
বিজ্ঞানৰ দৃষ্টিত এয়া কিমান গ্ৰহণযোগ্য তাক ভৱাৰ অৱকাশ আছে যদিও আধ্যাত্মিক চিন্তা-চেতনাৰ জুবিন আৰু শিৱৰ মাজত থকা এনে সংযোগে বহুতৰ মনত প্ৰশ্নৰ অৱতাৰণা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us