আজাৰাত ব্ৰহ্মপুত্ৰৰ বুকুত মাটি খনন কাৰ্যত বিপৰ্যস্ত জনজীৱন

আজাৰা আৰক্ষী থানা তথা পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ  মাজিৰগাঁও/পাৰ্লী সদিলাপুৰ/পূৱ মাজিৰগাঁও চৰাপাৰা,বৰুৱাপাৰা,ধাৰাপুৰৰ জাহাজ ঘাটৰ বুকুত একাংশ বালি-মাটি মাফিয়া এক ৰমৰমীয়া ব্যৱসায় চলোৱা অভিযোগ

author-image
Asomiya Pratidin
New Update
dumprrrazarrararra

ডিজিটেল সেৱা, মিৰ্জা: মহানগৰীৰ আজাৰা আৰক্ষী থানা তথা পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ  মাজিৰগাঁও/পাৰ্লী সদিলাপুৰ/পূৱ মাজিৰগাঁও চৰাপাৰা,বৰুৱাপাৰা,ধাৰাপুৰৰ জাহাজ ঘাটৰ বুকুত এক যুদ্ধংদেহী পৰিৱেশৰ মাজত বৰ্তমান একাংশ বালি মাফিয়া, মাটি মাফিয়া, বিতৰ্কিত ব্যৱসায়ী, প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি, পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াৰ একাংশ সমৰ্থকে আৰক্ষী প্ৰশাসন, বনবিভাগ আৰু মন্ত্ৰী বিধায়ককে ধৰি একাংশ দল সংগঠনৰ নেতাক মেনেজ কৰি এই নদী কাষৰীয়া অঞ্চলটোত তীব্ৰ হাৰত ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটিৰ খননকাৰ্য অব্যাহত ৰাখি এক ৰমৰমীয়া ব্যৱসায় চলোৱা অভিযোগ উত্থাপন হৈছে।

ধাৰাপুৰ,ৰাণী, মাজিৰগাঁও, সদিলাপুৰ, বঙৰা, পলাশবাৰী, মিৰ্জা,বিজয়নগৰ,আগচিয়া,পাৰ্ল্লী,ভি আই পি, ৰামপুৰ,লখৰা আদি বিভিন্ন ঠাইৰে এই বেপাৰীবোৰে এই পলসুৱা মাটি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য অব্যাহত ৰখাত অঞ্চলটোৰ জনজীৱন বিপদাপন্ন হৈ পৰাই ইতিমধ্যেই এই ডাম্পাৰৰ খুন্দাত কেইবাজনো লোক আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে বুলিও অভিযোগ উঠিছে। কিয়নো এই বেপাৰীবোৰে অধিক মুনাফা লাভ কৰাৰ উদ্দেশ্যেৰে ব্ৰহ্মপুত্ৰৰ বুকুত অহৰ্নিশে এক্সকেভেটাৰেৰে অবাধ হাৰত খননকাৰ্য চলাই যোৱাই নহয়, তেওঁলোকে শ শ ডাম্পাৰেৰে ব্ৰহ্মপুত্ৰৰ বুকু খান্দি প্ৰায় সন্ধিয়াৰ ভাগৰ পৰা পুৱা ৬ বজালৈ পলসুৱা মাটিৰ ৰমৰমীয়া এখন বেপাৰ গঢ়ি তুলিছে। 

অঞ্চলটোৰ জনজীৱন বিপদাপন্ন কৰি চলা এই ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে অঞ্চলটোৰ বহু বাট-পথ জহিখহি যোৱাৰ উপৰি হাজাৰ হাজাৰ কোটি টকীয়া পলাশবাৰী গুমী প্ৰকল্পৰ মথাউৰিলৈ ভাবুকি আহিছে। আনকি এই পলাশবাৰী গুমী প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ৰাস্তাও জহি খহি গৈছে। ব্ৰহ্মপুত্ৰৰ এই বালি খননৰ লগতে মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত অঞ্চলটোৰ আকাশ বতাহ ধূলি-বালিৰে ভৰি পৰিছে। 

এই ধূলি-বালিৰ প্ৰভাৱত অঞ্চলটোৰ একাংশ পুৰুষ মহিলা,ছাত্ৰ ছাত্ৰীৰ মাজত চৰ্দি,কাঁহ,পেটৰ অসুখ আদি সৰু সুৰা বেমাৰ আজাৰ আদিয়েও দেখা দিয়াৰ খবৰ আহিছে। ঠায়ে ঠায়ে এই মাটিবোৰ দমাই ৰাখি মাটিৰ পাহাৰ সদৃশ পৰিৱেশ গঢ়ি তুলিছে। এই জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বাবে দুই এটি সংগঠনৰ লোকে প্ৰতিবাদ কৰি,ক্ষোভ প্ৰকাশ কৰি আজাৰা আৰক্ষী,আজাৰা ৰাজহ চক্ৰ আৰু বন বিভাগত বিভিন্ন সময়ত স্মাৰক পত্ৰ প্ৰদান,অভিযোগ আদি দি আহিছে যদিও কামত অহা নাই। 

এই বালি,মাটিৰ ব্যৱসায়ীসকলৰ ইমানেই প্ৰতাপ যে সৰ্বসাধাৰণক কথাক কেৰেপ নকৰে। জনতাৰ দুৰ্ভোগৰ কথাৰ অভিযোগ দিবলৈ গলেই মানুহলৈ ভাবুকি আহে। ইমানৰ পাছতো কিন্তু এই বালি,মাটিৰ দৌৰাত্ম্যৰ ৰোধ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী প্ৰশাসন তথা বনবিভাগ। 

একাংশ ব্যৱসায়ীয়ে ডাম্পাৰ, ডিআই ভান আদিৰে ব্ৰহ্মপুত্ৰৰ বালি,মাটি আদি কঢ়িয়াই নিয়াত অঞ্চলটোৰ বিয়া সবাহ,ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা,উৎসৱ পাৰ্বন আদিতো ব্যাঘাতৰ সৃষ্টি হৈছে। আনকি ৰাস্তাৰ কাষে কাষে থকা মানুহৰ ঘৰলৈ ধূলি বালি উৰি যোৱা,অঞ্চলটোৰ বাটে পথাৰে বালিৰ দম কৰি ৰখা,মাজিৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ কাষতো বালিৰ দম কৰি ৰাখি শিক্ষাৰ্থীক বিপাঙত পেলোৱা,পথত থকা গতিৰোধক আদিত এই পলসুৱা মাটি জমা হোৱা আদি ঘটনাৰ বাবে পথচাৰী তথা সৰ্বসাধাৰণ লোক আৰু বাইক,চাইকেল আৰোহীৰ মাজত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে যদিও এইবোৰ কথালৈ কাৰো ভ্ৰুক্ষেপ নাই। 

ব্যৱসায়ীসকলে এই পথবোৰত পৰ্যাপ্ত পানী নমৰাৰ ফলত এই ধূলিৰ পৰিমাণ নিতৌ বাঢ়ি গৈ ৰাইজক জ্বলাকালা খুৱাইছে। ইতিমধ্যে এনে দৌৰাত্ম্যৰ সন্দৰ্ভত ৰাইজ আৰু একাংশ মাটি,বালি ব্যৱসায়ীৰ সৈতে ৰাইজৰ বাক-বিতণ্ডা,সংঘাতৰো সৃষ্টি হৈ আহিছে। উল্লেখযোগ্য যে, একাংশ ব্যৱসায়ীয়ে চোকা অস্ত্ৰও লগত ৰাখি কাম চলাই যোৱাৰ একাংশ লোকে অভিযোগ উত্থাপন কৰে। 

ইমানবোৰ বাধা, বিপৰ্যয়ৰ পাছতো কামৰূপ জিলাৰ আৰক্ষী প্ৰশাসনে আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল। আনকি এই স্থানত হোৱা মানুহৰ দুখ-দুৰ্গতি প্ৰত্যক্ষ কৰিবলৈ নাহিল আৰক্ষী-প্ৰশাসন আৰু বনবিভাগৰ লোক। এই দৌৰাত্ম্যৰ সন্দৰ্ভদ সদৌ অসম নিৱনুৱা পৰিষদৰ উপদেষ্টা বাবুল বৰুৱাই আৰক্ষী প্ৰশাসনক এই ব্যৱসায় নিয়ন্ত্ৰণ কৰি চলাবলৈ দাবী উত্থাপন কৰে। 

স্বাস্থ্যজনীত কাৰণত বাটে-পথে পানী মৰা, নিয়ন্ত্ৰণ কৰি এই ব্যৱসায় চলোৱা, বিশেষকৈ বিদ্যালয় খোলা, অফিচ কাছাৰী খোলাৰ সময়ত এই খননকাৰ্যত ব্যৱহাৰ কৰা যান-বাহনৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰিবলৈ মালিক পক্ষলৈ দাবী উত্থাপন কৰে। অন্যথা ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে। 

আনহাতে, পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰো বিধায়কদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু হেমাংগ ঠাকুৰীয়াৰ এই ৰাইজৰ বিপৰ্যয়ৰ কথাৰ খবৰ লবলৈ আহৰি নাই। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ পলাশবাৰী আৰু ধাৰাপুৰৰ সংযোগী মাজিৰগাঁওত ৰাজ্যৰ জলসম্পদ বিভাগৰ ৯ কোটি ৯ লাখ ৬০ হেজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰা মথাউৰিটো পূৰ্বতে প্ৰৱল বৰষুণৰ বাবে খহনীয়াৰ সৃষ্টি হৈছিল। তেনেক্ষেত্ৰত এই মথাউৰিৰ কাষতে অবাধ হাৰত পলসুৱা মাটি খনন কাৰ্য চলাই যোৱাত ৰাইজ চিন্তাত পৰিছে।

আজাৰা